NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ নাবালিকা ধৰ্ষণকাণ্ডত অভিযুক্ত শিক্ষকক আটক

March 31, 2018 5:56 pm · এন ই নাও নিউজ

কোকৰাঝাৰত এগাৰকী ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা ঘটনাৰ সৈতে জড়িত ধৰ্ষণকাৰী তথা এজন শিক্ষকক শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত শিক্ষকগৰাকীক আৰক্ষীয়ে ক্ষেত্ৰী নাথ(৩৮) বুলি চিনাক্ত কৰিছে। ক্ষেত্ৰী ধুবুৰী জিলাৰ তিস্তা গাঁৱৰ নিৱাসী আৰু তেওঁ কৰ্মসূত্ৰে কোকৰাঝাৰত ভাড়াতীয়া হিচাপে আছিল। জানিব পৰা মতে ক্ষেত্ৰী গোসাঁই গাঁৱৰ শিমুলটাপু উচ্চ বিদ্যালয়ত শিক্ষকতা কৰিছিল।

উল্লোখযোগ্য যে ক্ষেত্ৰীয়ে তেওঁৰ ঘৰত কাম কৰা ছোৱালী হিচাপে থকা এগৰাকী নাবালিকাক ১০ মাৰ্চত ধৰ্ষণ কৰিছিল।

আনহাতে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অৱগত হোৱাত শিক্ষকগৰাকী তথা ধৰ্ষণকাৰীক প্ৰহাৰ কৰিছিল। ইফালে শিক্ষকগৰাকী ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাই আছিল।

ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে গোসাঁইগাঁৱৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই এজাহাৰৰ ওপৰত ভিত্তি কৰি অনুসন্ধান চলাই অৱশেষত শুকুৰবাৰে শিক্ষকগৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ইতিমধ্যে ক্ষেত্ৰীক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related News