NORTHEAST NOW (Assamese)

কোম্পানিৰ বঞ্চনাৰ প্ৰতিবাদৰ ফলত সমগ্ৰ ভাৰতৰ লগতে গুৱাহাটীতো অচল অ’লা-উবেৰৰ অনলাইন টেক্সিসেৱা

March 19, 2018 5:16 pm · এন ই নাও নিউজ
Updated: March 19, 2018 5:17 pm

কোম্পানিৰ বঞ্চনাৰ প্ৰতিবাদত আজিৰ পৰা সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো অ’লা-উবেৰৰ টেক্সি সেৱাৰ অনলাইন বুকিং প্ৰক্ৰিয়া  বন্ধ ৰখা হয়। এই সন্দৰ্ভত গাড়ীৰ মালিক আৰু চালকসকলে জনাইছে যে এই প্ৰতিবাদৰ কাৰ্যসূচী অনিৰ্দিষ্ট কালৰ বাবে চলি থাকিব।

অ’লা-উবেৰ কোম্পানিৰ অধীনত চলা গাড়ীসমূহৰ অসন্তুষ্ট গৰাকী আৰু চলকসকলে কোম্পানিৰ এপ ব্যৱহাৰ কৰি টেক্সি বুকিং নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত চলি থকা অ’লা উবেৰৰ মালিক আৰু চালকসকলে অফলাইন বুকিঙৰ জৰিয়তে গ্ৰাহকলৈ সেৱা আগবঢ়াব। অৰ্থাৎ যাত্ৰীসকলে তেওঁলোকৰ বাবে টেক্সি বুক কৰাৰ সময়ত আনুমানিক ভিত্তিত ভাড়া আদায় দিব লাগিব আৰু টেক্সি বুক কৰাৰ প্ৰক্ৰিয়াটো অফলাইন হ’ব।

ৰাজ থেকাৰেৰ নেতৃত্বাধীন ‘মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা’ৰ পৰিৱহণ গোট ‘মহাৰাষ্ট্ৰ নৱনিৰ্মাণ বাহতুক সেনা’ৰ তৰফৰ পৰা ব্যক্ত কৰা হৈছে যে এপ-ভিত্তিক টেক্সি সেৱাৰ এই কোম্পানিদুটাই চালকসকলক অত্যন্ত নিম্ন হাৰত দৰমহা প্ৰদান কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট কৰা হৈছে।

মু্ম্বাই, নতুন দিল্লী, বাংগালুৰু, হাইদৰাবাদ, পুনে আৰু অন্যন্য ডাঙৰ ডাঙৰ নগৰত এই ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে।

অ’লা-উবেৰ সংস্থাৰ গুৱাহাটীৰ নেতাসকলে এই সন্দৰ্ভত ব্যক্ত কৰিছে যে বিগত বহু মাহ ধৰি তেওঁলোকে বহুতো সমস্যাৰ সমুখীন হৈ আহিছে। সেইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্য হৈছে হৈছে  কম আয় আৰু গাড়ী চলোৱাৰ অধিক ব্যয়। তেওঁলোকে আৰু কৈছে যে অ’লা আৰু উবেৰৰ অধীনস্থ টেক্সিয়ে যাত্ৰীসকলক অটোৰিক্সাতকৈও কম হাৰত সেৱা আগবঢ়াই আহিছে।

তেওঁলোকে আৰু কয় যে কোম্পানিয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকৰ আয় যথেষ্ট অধিক হ’ব । কিন্তু বাস্তৱত দেখা  গৈছে যে তেওঁলোকক কোম্পানিয়ে প্ৰদান কৰা দৰমহা তেওঁলোকৰ যানসমূহ চলাই ৰাখাৰ বাবে পৰ্যাপ্ত নহয়।

এজন নেতাই কৈছে যে তেওঁলোকে এই ধৰ্মঘটত সহযোগ কৰিব কিন্তু যাত্ৰীসকলে সন্মুখীন হ’ব পৰা সমস্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে অফলাইনত পৰিসেৱা আগবঢ়াব।

উল্লেখযোগ্য যে প্ৰয়োজন অনুপাতে অ’লা-উবেৰৰ গাড়ীৰ সংখ্যা কম হোৱা হেতুকে ভাড়া অধিক হ’ব।

Related News