• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

সোমবাৰে বিয়লি সংঘটিত হোৱা এই আক্ৰমণৰ পাছত দুঘণ্টাজোৰা সংঘৰ্ষ; আক্ৰমণকাৰীৰ সন্ধানত নিৰাপত্তাৰক্ষীৰ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2026 8:49 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বিয়লি মণিপুৰৰ উখৰুল জিলাৰ নুংশাং কং (লুংশাং নদী)ৰ সমীপত সন্দেহযুক্ত উগ্ৰপন্থীয়ে চলোৱা এক অতৰ্কিত আক্ৰমণত ৪০ অসম ৰাইফলছৰ দুজন জোৱান নিহত হয়। উখৰুল জিলা সদৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰত্বত বিয়লি প্ৰায় ৩.৫০ বজাত জোৱানসকলে ৪০ অসম ৰাইফলছৰ ছাংছাক বেটেলিয়নৰ মুখ্য কাৰ্যালয়লৈ উভতি আহি থকাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।

এই আক্ৰমণত প্ৰাণ হেৰুওৱা জোৱান দুজনক ৱাৰেণ্ট অফিচাৰ বলৱন্ত সিং আৰু হাৱিলদাৰ চি এম সিং বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, হাৱিলদাৰ চি এম সিঙে বাহনখন চলাই আছিল আৰু দুয়োগৰাকী জোৱান এই এম্বুচত নিহত হয়। উগ্ৰপন্থীৰ আক্ৰমণৰ লগে লগে নিৰাপত্তাৰক্ষীয়েও গুলীচালনাৰে উচিত প্ৰত্যুত্তৰ দিয়ে আৰু দুয়োপক্ষৰ মাজত প্ৰায় দুঘণ্টা ধৰি সংঘৰ্ষ অব্যাহত থাকে। এই গুলীয়াগুলীৰ সময়ত সমীপৰ ধাননি পথাৰত কাম কৰি থকা কৃষকসকলে প্ৰাণৰ মমতাত উক্ত স্থানৰ পৰা পলায়ন কৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় আৰু আক্ৰমণকাৰীসকলক বিচাৰি উলিয়াবলৈ এক ব্যাপক তালাচী অভিযান আৰম্ভ কৰে। বৰ্তমানলৈকে কোনো উগ্ৰপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। উল্লেখযোগ্য যে, উখৰুল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কামজং জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে সমন্বয় ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

বৰ্তমান ঘটনাস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দ্বাৰা নিৰন্তৰ নিৰীক্ষণ আৰু অভিযান চলাই থকা হৈছে। আক্ৰমণকাৰীৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালভাৱে সমগ্ৰ জিলাখনতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে প্ৰশাসনে যাৱতীয় সুৰক্ষামূলক আৰু সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd