• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ক্ষুৰৰ ওপৰত সোণোৱাল : কিয় ক্ষুব্ধ হৈ পৰিছে অসমীয়া মানুহ?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
May 12, 2018 5:17 pm
sarbananda sonowal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ৰাজনীতিবিদ কিমান সমালোচিত হ’ব পাৰে? তাৰ কোনো সীমা নাই। কোনোবাই যদি প্ৰশ্ন কৰে সম্প্ৰতি অসমত আটাইতকৈ সমালোচিত ৰাজনীতিবিদজন কোন? দ্বিধাহীনভাৱে যিকোনো লোকেই এজন নেতাৰ নামেই ক’ব। তেৱেঁই হ’ল অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ( Sarbananda Sonowal )।

সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত এতিয়াৰ দৰে পৰিস্থিতি কেতিয়াও হোৱা নাছিল। ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হোৱালৈকে এক বিশেষ ব্যক্তিত্বৰ নেতা হিচাপে জনমানসত প্ৰতিষ্ঠিত হৈ আহিছিল সোণোৱাল। জাতীয়তাবাদী শিবিৰৰ পৰা সোঁপন্থী গেৰুৱা শিবিৰলৈ আহিও নিজৰ ব্যতিক্ৰমী ব্যক্তিত্ব বজাই ৰাখিব পাৰিছিল তেওঁ। আৰু অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ বাবে সোণোৱালৰ এই ব্যক্তিত্ব আছিল এক প্ৰধান অৱলম্বন। কিন্তু সময়ৰ কি পৰিহাস! সেই সৰ্বানন্দ সোণোৱালেই আজি আটাইতকৈ বেছি সমালোচনা, ধিক্কাৰৰ পাত্ৰ হৈছে। এক প্ৰকাৰ ক’বলৈ গ’লে এক অতি জটিল পৰিস্থিতিৰ মুখামুখি হৈছে সোণোৱাল।

উচ্চতম ন্যায়ালয়ত আই এম ডি টি (IMDT) আইন বাতিল হোৱাৰ পিছত অসমলৈ উভতি অহাৰ দিনা বৰঝাৰ বিমান বন্দৰৰ পৰা সৰ্বানন্দ সোণোৱালক সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অগণন লোকে আদৰি অনা দৃশ্য আজিও প্ৰায় সকলোৰে মনত আছে। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰধান প্ৰতিবন্ধক আই এম ডি টি আইনৰ বিলুপ্তি ঘটাই জাতীয় নায়কলৈ ৰূপান্তৰিত হৈছিল তেওঁ। কিন্তু ৰাজনীতিৰ গতি-প্ৰকৃতিয়ে সোণোৱালৰ ৰাজনৈতিক জীৱনলৈও আনিলে পৰিৱৰ্তন।

আজি মোৰ মনত পৰিছে- সৰ্বানন্দ সোণোৱালে বিজেপিত যোগদান কৰাৰ দিনটোৰ কথা। বিজেপিত যোগদান কৰিয়েই সোণোৱালে সাংবাদিকৰ আগত কৈছিল- অসমৰ বিদেশী সমস্যাকে ধৰি সকলোবোৰ মৌলিক সমস্যা সমাধান কৰিবলৈ তেওঁ বিজেপিত যোগদান কৰিছে। যথেষ্ট আত্মপ্ৰত্যয়ৰে উদাত্তভাৱে সোণোৱালে অসমৰ ৰাইজক আহ্বান জনাইছিল বিজেপিক শক্তিশালী কৰিবলৈ। আৰু তাৰ পিছৰ ৰাজনীতি কাকো বুজাই ক’ব নালাগে। চমকপ্ৰদভাৱে বিজেপিৰ শক্তি বৃদ্ধি হ’ল। অসমৰ ৰাইজে অসমৰ ভাগ্য নিয়ন্তাৰ দায়িত্ব দিলে সোণোৱালৰ নেতৃত্বত বিজেপিকে।

কিন্তু চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত অভূতপূৰ্ব জনৰোষৰ বলি হৈছে সৰ্বানন্দ সোণোৱাল। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ বিচৰা কাৰ্যই জ্বালামুখী পৰিৱেশৰ সৃষ্টি কৰিছে।

এই সময়ত এটা কথা লক্ষ্য কৰা হৈছে যে- বিজেপি আৰু আৰ এছ এছক অসমৰ খিলঞ্জীয়া জনসাধাৰণে সমালোচনাৰে থকাসৰকা কৰাৰ লগতে অতি বেছিকৈ ক্ষোভ উজাৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে। কিয় সোণোৱালক লৈ ক্ষুব্ধ হৈ পৰিছে অসমীয়া মানুহ?

এই খং-ক্ষোভৰ অন্তৰালত লুকাই আছে সোণোৱালৰ প্ৰতি থকা অসমৰ ৰাইজৰ পূৰ্বৰ আস্থা। অসমক বাংলাদেশী অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰি খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ লগতে সকলো দিশৰ পৰা অসমক সুৰক্ষিত কৰাৰ এক নেতৃত্ব সৰ্বানন্দ সোণোৱালে দি আহিছে আৰু ভৱিষ্যতেও দিব বুলি সকলোৱে বিশ্বাস কৰিছিল। আৰু সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক জীৱনৰ মূলধনো সেয়াই। অৰ্থাৎ খিলঞ্জীয়াৰ হিৰ’ হিচাপে জনমানসত প্ৰতিষ্ঠিত হৈছিল তেওঁ। এসময়ত অসমৰ ছাত্ৰ সমাজ সৰ্বানন্দ সোণোৱালৰ উদাত্ত আহ্বানত ৰাজপথলৈ ওলাই আহিছিল। কিন্তু এতিয়া সেই ছাত্ৰ সমাজেই ‘জাতীয় নায়ক হেৰাল’ বুলি পোষ্টাৰ আঁৰিছে।

জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন দল-সংগঠনৰ পৰা প্ৰতিৰোধ গঢ়ি উঠিছে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে। এতিয়া প্ৰশ্ন হয়- সৰ্বানন্দ সোণোৱালে কিয় বিজেপিৰ শীৰ্ষ নেতৃত্ব তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিব নোৱাৰে বুলি বুজাব নোৱাৰিলে? অতি কেন্দ্ৰীভূত বিজেপিত এই কথা শীৰ্ষ নেতৃত্বক পতিয়ন নিয়াব পৰা যোগ্যতা সোণোৱালৰ নাই নেকি? বিজেপি তথা আৰ এছ এছৰ পুৰণা নীতিয়ে আছিল- চুবুৰীয়া দেশৰ হিন্দুসকলক ভাৰতত সংস্থাপন দিয়া। এই কথা জানি শুনিয়েই বিজেপিত যোগদান কৰিছিল সৰ্বানন্দ সোণোৱালে। সোণোৱালৰ সেই সময়ৰ যুক্তি আছিল- অসমৰ সকলোবোৰ সমস্যা বিজেপিৰ শীৰ্ষ নেতৃত্বই হৃদয়ংগম কৰিছে। আৰু অসমীয়া মানুহেও ভাবিছিল সোণোৱালে অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিজেপি নেতৃত্বক বাধ্য কৰাব পাৰিব।

শেহতীয়াকৈ ভাৰতীয় ৰাজনীতিত বিজেপিয়ে দেখুওৱা সফলতাৰ প্ৰেক্ষাপটো হৈছে- সংশ্লিষ্ট ৰাজ্য তথা অঞ্চলৰ পৰিস্থিতি ভালদৰে উপলব্ধি কৰিব পৰাটো।

তেতিয়াহ’লে কিয় বিজেপিয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে? দল তথা কেন্দ্ৰীয় চৰকাৰৰ হিন্দু বাংলাদেশী প্ৰীতিয়ে অসমত কি পৰিস্থিতিৰ উদ্ভৱ কৰিব সেই কথা সোণোৱালে শীৰ্ষ নেতৃত্বৰ ওচৰত দাঙি ধৰা নাছিল নেকি? নাইবা অতি কেন্দ্ৰীভূত বিজেপিক ৰাজ্যৰ জীৱন-মৰণৰ কথাও মুখ্যমন্ত্ৰী তথা ৰাজ্যিক নেতৃত্বই উত্থাপন কৰিব নোৱাৰে!

সাম্প্ৰতিক পৰিস্থিতিত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিজনেই হৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ছাত্ৰ জীৱনৰ পৰা তিল তিলকৈ গঢ়া জাতীয় চেতনাসম্পন্ন ভাবমূৰ্তি মষিমূৰ হৈছে সোণোৱালৰ।

এই পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব সোণোৱালে? অসমীয়া সমাজৰ নাড়ীৰ স্পন্দন শুনি মুখ্যমন্ত্ৰী সোণোৱালে কিবা পদক্ষেপ গ্ৰহণ কৰিব পাৰিবনে?

অসমৰ ৰাজনীতিৰ এজন পৰ্যবেক্ষক হিচাপে আমাৰ ধাৰণা হয়- সোণোৱালে বিশেষ দৃঢ় পদক্ষেপ ল’ব নোৱাৰে। বৰ্তমান গেৰুৱাবাহিনীৰ ৰাজনীতিৰ গণ্ডীৰ মাজত থাকি দলীয় সমীকৰণ চালি-জাৰি চাই কৌশলগত স্থিতি লৈ হিন্দু বাংলাদেশী বিষয়টো মোকাবিলা কৰাৰ চেষ্টা কৰিব। তেওঁৰ ব্যক্তিত্বত যি দাগ পৰিছে তাক কেনেদৰে আঁতৰাব পাৰে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব এক প্ৰকাৰ বিজেপিৰ হিন্দু বাংলাদেশীৰ কাৰ্ডখনৰ খেলা।

প্ৰশ্ন হয়- সোণোৱালে অসমক জাতীয়তাবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ সংমিশ্ৰণৰ এক পৰীক্ষাগাৰ হিচাপে গঢ়িবনে? নাইবা অসমৰ প্ৰেক্ষাপটত বিজেপিৰ নীতিক ন-ৰূপ দিবলৈ কেন্দ্ৰীয় নেতৃত্বক সৈমান কৰাব পাৰিব?

সঁচাকৈয়ে ক্ষুৰৰ ওপৰত আছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

(লেখক এজন গুৱাহাটীস্থিত জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd