• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব’হাগেই সময় মূল্যায়নৰ : এতিয়া আহ্বান নহয়, জাতিক সুৰক্ষিত আৰু শক্তিশালী কৰাৰ দায়িত্ব সোণোৱালৰ

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
April 12, 2018 4:19 pm
Sarbananda Sonowal
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত মাজে-সময়ে বিহুনাম শুনো। এটা ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলৰ দুটা ভিন্ন বিশেষ অনু্ষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালক এংকৰে এফাকি বিহু গাবলৈ কোৱাত স্বভাৱসুলভভাৱেই তেওঁৰ মুখৰ পৰা ওলাইছিল বিহু নাম। সদৌ অসম ছাত্ৰ সন্থাত থকাৰ দিনৰ পৰা সৰ্বানন্দ সোণোৱালে জাতীয় উৎসৱ ৰঙালী বিহুত অসমীয়া জাতিক সুৰক্ষিত আৰু অধিক শক্তিশালী কৰাৰ আহ্বান জনাই আহিছে। কিন্তু এতিয়া আহ্বান নহয়, জাতিক সুৰক্ষিত আৰু শক্তিশালী কৰাৰ গুৰু দায়িত্বও সোণোৱালৰেই।

সেইবাবে বিহুৰ বতৰত প্ৰশ্ন উত্থাপন হৈছে- মুখ্যমন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালে সেই দায়িত্ব কিমান পালন কৰিবলৈ সক্ষম হৈছে? অসমত বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰায় দুবছৰ হ’বৰ হ’ল। দু‍বছৰত অসমীয়া জাতিলৈ ইটোৰ পিছত সিটো অশনি সংকেতহে আহিছে। বিজেপি তথা সংঘ পৰিয়ালে অসমক পৰীক্ষাগাৰ হিচাপে বাচি লৈ চলাই আছে নানান সম্পৰীক্ষা। নাগৰিকত্ব আইন সংশোধন কৰি মোদী চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈ বিচৰা পদক্ষেপে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্ন দল-সংগঠন, নাগৰিক সমাজে ইয়াৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰিছে। এই প্ৰতিক্ৰিয়া, প্ৰতিবাদক তিল মাত্ৰও গুৰুত্ব দিয়া নাই মোদী চৰকাৰে। আৰু অসম চৰকাৰো এই ক্ষেত্ৰত নীৰৱ। কেৱল নীৰৱেই নহয়, এই বিষয়ত কেন্দ্ৰীয় চৰকাৰক সহযোগিতাও আগবঢ়াই আহিছে।

Apply Now

নাগৰিকত্ব আইন সংশোধনী বিধেয়্ক সন্দৰ্ভত গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ কাৰ্যকলাপে ইমান দূৰ পাইছেগৈ যে- বিহুৰ মাজতে দিল্লীত শুনানি অনুষ্ঠিত কৰিব। ভূমিপুত্ৰ সৰ্বানন্দ সোণোৱালে কেনেকৈ গ্ৰহণ কৰিব পাৰিছে এই কথা? অৱশ্যে এইটো কথা স্পষ্ট যে- ক্ষমতাসৰ্বস্ব ৰাজনীতিত সকলো সম্ভৱ। আৰ এছ এছ তথা বিজেপিৰ দীৰ্ঘদিনীয়া কাৰ্যসূচী হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদান কৰা। তাৰ বিৰোধিতা কৰি হয়তো সোণোৱালে মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাব নিবিচাৰে। লগতে নিৰ্বাচনী সমীকৰণো গেৰুৱা বাহিনীৰ বাবে অতি গুৰুত্বপূৰ্ণ। হিন্দু বাঙালীৰ মাজত ভোটবেংক গঢ়িব বিচাৰে বিজেপিয়ে। নিশ্চিতকৈ ৰঙালীৰ আনন্দৰ মাজতো অসমীয়াৰ মনত হিন্দু বাংলাদেশীৰ প্ৰশ্নই দোলা দি থাকিব।

ব’হাগত অসমীয়া জাতিয়ে নতুন প্ৰাণশক্তি লাভ কৰে। উজ্জীৱিত হয় যৌৱন। যৌৱন অৰ্থাৎ যুৱ শক্তিয়েই এটা জাতিৰ বল। ব’হাগত যুৱক-যুৱতী্য়ে নতুন পণ লয়। সেই পণ ব্যক্তিগতৰ পৰা সামূহিকলৈকে। কিন্তু আজিৰ অসমীয়া ডেকা-গাভৰুৰ সন্মুখত কি আছে? ৰাজ্যৰ এক অনুৎপাদনশীল অৰ্থনীতিত কৰ্মসংকোচন আৰু কৰ্মসংস্থাপনহীন পৰিৱেশ। বৰ্তমান অসমৰ অৰ্থনীতি এক প্ৰকাৰ স্থৱিৰ। অৰ্থনৈতিক ক্ষেত্ৰত কোনো এটা খণ্ডতে আশাৰ ৰেঙণি নাই। ২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ অন্যতম এক প্ৰধান প্ৰতিশ্ৰুতি আছিল কৰ্মসংস্থাপনৰ নিশ্চিতি। প্ৰায় দুটা বছৰত সোণোৱাল চৰকাৰে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত একোৱেই কৰিব পৰা নাই।

অৱশ্যে ৰাজ্যত এক বিনিয়োগ অনুকূল বাতাৱৰণ সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আন্তঃগাঁথনিৰ দিশৰ পৰা দুৰ্বল ৰাজ্যখনলৈ সহজে বিনিয়োগকাৰী নাহে। অসম চৰকাৰে ৰাজ্যখনৰ যুৱক-যুৱতীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ ল’ব লাগিব। উপলব্ধি কৰিব লাগিব গছৰ তল, পথাৰত ডেকা-গাভৰুৱে গোৱা বিহুগীতৰ মৰ্মকথা। তাতেই নিহিত আছে তেওঁলোকৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ কথা।

বছৰৰ বিহু পালনৰ বাবেও আমাৰ সমাজৰ বহুলোকে হেৰুৱাইছে সামৰ্থ্য। দৰিদ্ৰ, ভূমিহীন, উপাৰ্জনহীন লোকে যেন হেৰুৱাই পেলাইছে জীৱনৰ ৰং। আকাশলংঘী মূল্যবৃদ্ধিয়ে দুৰ্বিসহ কৰিছে দৈনন্দিন জীৱন। মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ চৰম ব্যৰ্থতা পৰিলক্ষিত হৈছে। বিহুৰ বজাৰত জুই চাই দাম। আনহাতে লোক-উৎসৱৰ লগত জড়িত প্ৰাকৃতিক সমলো কমি আহিছে। ভৱিষ্যতে আমি প্ৰাকৃতিক সমলৰ ওপৰত অধিকাৰ হেৰুৱায়েই পেলাম। তাৰো ব্যৱস্থা কৰিছে চৰকাৰে! বিহুৰ বতৰত এইবোৰ উদ্বেগজনক বিষয়। সেইবাবেই এজন অসমীয়া হিচাপে আশা কৰো- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক শক্তিশালী আৰু সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক। অন্যথা বিপন্ন হ’ব জাতীয় জীৱন। আৰু সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ক্ৰমান্বয়ে শক্তিশালী হ’ব অধিষ্ঠানবিৰোধী বতাহ।

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd