NORTHEAST NOW (Assamese)

ক্ৰিকেট একাডেমি মুকলি মংগলদৈ ক্ৰীড়া সংস্থাৰ

January 20, 2018 9:14 pm · ময়ূখ গোস্বামী

মংগলদৈ ক্ৰীড়া সংস্থাই মংগলদৈত আজি এটা ক্ৰিকেট একাডেমি আৰম্ভ কৰিছে।

ক্ৰীড়া সংস্থাটোৱে জনোৱা অনুসৰি অঞ্চলটোৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহৰ পৰা অহা উদীয়মান ক্ৰিকেট খেলুৱৈসকলক আগবঢ়াই অনা আৰু উপযুক্ত প্ৰশিক্ষণেৰে তেওঁলোকক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যে এই অনুষ্ঠানটো মুকলি কৰা হৈছে।

অসম ক্ৰিকেট সংস্থাৰ কাৰিকৰী সহযোগিতাত এই একাডেমিটো খোলা হৈছে।

মংগলদৈৰ বিধা্য়ক তথা মংগলদৈ ক্ৰীড়া সংস্থাৰ সভাপতি গুৰু জ্যোতি দাসে আজি বিয়লি মংগলদৈ ষ্টেডিয়ামত একাডেমিখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সংস্থাৰ বিষয়ববীয়া আৰু অন্যান্য লোকৰ লগতে বি চি চি অাই-স্বীকৃত কিউৰেটৰ মুকুট কলিতাও উপস্থিত আছিল।

মংগলদৈ ক্ৰীড়া সংস্থাৰ কোষাধ্যক্ষ শম্ভু দেবে এন ই নাওক জনাই যে আজি উদ্বোধনৰ দিনাই দুগৰাকী ছোৱালীকে ধৰি মুঠ ২৮ গৰাকী ক্ৰিকেটাৰে ৫০০ টকা পঞ্জী্যন মাচুল আৰু ২০০ টকা মাহিলী মাচুল জমা দি একাডেমিটোত নাম ভৰ্তি কৰিছে।

Related News