কৰ্কট আৰু মগজুৰ পক্ষাঘাতগ্ৰস্ত ৰোগীৰ সাহায্যৰ বাবে ফেশ্যন শ্বো’ৰ আয়োজন ডিজাইনাৰ মেঘনাৰ
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত ডিজাইনাৰ মেঘনা ৰায় মেধীয়ে ‘অটাম নোটছ, ছিজন :২’ (Autumn Notes, Season 2) শীৰ্ষক এটা ফেশ্যন শ্বো’ অনুষ্ঠিত কৰিব। আৰ এ পি হোটেল আৰু ৰিজৰ্টৰ সহযোগিতাত কৰ্কট আৰু মগজুৰ পক্ষাঘাতগ্ৰস্ত ৰোগীসকলৰ সাহায্যাৰ্থে অনুষ্ঠিতহ’বলগীয়া এই ফেশ্যন শ্বো’ৰ আয়োজন কৰিছে মেঘনা ৰায় মেধীয়ে। গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত এই ফেশ্যন শ্বোৰ আয়োজন কৰা হ’ব।
ডিজাইনাৰ গৰাকীয়ে কৈছে যে প্ৰতি বছৰ প্ৰায় ৫ লাখ প্ৰাপ্তবয়স্ক লোকে কৰ্কট ৰোগত আৰু প্ৰতি ১,০০০ৰ ভিতৰত প্ৰায় ২ৰ পৰা ৩ টা শিশুৱে মগজুৰ পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায়। মেঘলাই কয় যে ‘মৰ্নিং ক্লাব’ নামৰ এটা বে-চৰকাৰী সংস্থাৰ উদ্যোগত কৰ্কট আৰু মগজুৰ পক্ষাঘাত ৰোগৰ চিকিৎসাৰ বাবে এই ফেশ্যন শ্বো’ৰ জৰিয়তে এটা বিনম্ৰ প্ৰয়াস হৈছে।
‘অটাম নোটছ’ হৈছে ‘মেঘনা’জ দ্য ডিজাইন ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী মেঘনা ৰায় মেধী ওৰফে মেহজাবিন ইৰছাদৰ দ্বাৰা নক্সাকৃত আটাইতকৈ উৎকৃষ্ট বস্ত্ৰৰ প্ৰদৰ্শনী।
অসমৰ জনগোষ্ঠীসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত এই ফেশ্যন শ্বো’ত ৩০ গৰাকী অভিজাত মডেল আৰু উদ্যোগ বিশেষজ্ঞইঅংশগ্ৰহম কৰিছে। এই ফেশ্যন শ্বো’ৰ ধাৰণাটোক বাস্তৱায়িত কৰিছে জ্যোতিৰূপ কে চৌধুৰীয়ে। এই অনুষ্ঠানত অভিনেতা উৎপল দাস, দীপলীনা ডেকা, গায়ক মিহাৰ পদ্মনাভ আৰু ঈপ্সিতা ভৰালীয়েও অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে বিগত বছৰত এজোৰ মেখেলা-চাদৰ নিলামৰ জৰিয়তে সংগহ কৰা ৫০,০০০ টকা আৰোগ্যমৰ অন্তৰ্গত ব্যয় কৰা হৈছিল। আৰগ্যম হৈছে মৰ্নিং ক্লাবৰ স্বাস্থ্য সেৱা আঁচনি। এই ধনৰ পৰা ৬ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। এই শ্বো’ত উত্তৰ-পূবৰ প্ৰথমটো ডিজিটেল প্লেটফৰ্মৰো উন্মোচন কৰা হ’ব, যাৰ দ্বাৰা ক্ৰয়-বিক্ৰয়ৰ অভিজ্ঞতাক এটা ভিন্ন মাত্ৰা প্ৰদান কৰা হ’ব। এইটো ডিজিটেল প্লেটফৰ্মত সংস্কৃতি, খাদ্য সম্ভাৰ আৰু পোছাক শিতানত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি, খাদ্য সম্ভাৰ আৰু পোছাকসমূহৰ ওপৰত বিশদ আলোচনা কৰা হ’ব।
এই বছৰ ‘মেঘনা’জ দ্য ডিজাইন ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী মেঘনা আৰু ঋষিৰাজ চক্ৰবৰ্তী আৰু আৰ এ পি হোটল আৰু ৰিজৰ্টে অনুষ্ঠানটোৰ ব্যয় যুটীয়াভাৱে বহন কৰিব।