‘খচৰাত আপোনাৰ নাম নাই নেকি?’ বুলি ফোন কৰি হাইৰান কৰি দিছে বিধায়ক ৰমাকান্ত দেউৰীক

এন আৰ চিৰ চূড়ান্ত খচৰা আজি প্ৰকাশ হোৱাৰ পিছৰ পৰাই এজন জনপ্ৰতিনিধিলৈ উপৰ্য্যুপৰি আহি আছে সংবাদ মাধ্যমৰ ফোন। ফোনত প্ৰশ্ন- ‘আপোনাৰ নাম এন আৰ চিত নাই বুলি শুনিছো, সঁচা নেকি?’ এই একেটা প্ৰশ্নৰ বাবে আজি ফোন কৰি হাইৰান কৰি দিছে জনপ্ৰতিনিধিজনক।

এইজন জনপ্ৰতিনিধি হ’ল মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। ৰমাকান্ত দেউৰীৰ নাম খচৰাত নাই বুলি আজি এটা খবৰ বিয়পি পৰাৰ পিছতে এই পৰিস্থিতিটোৰ মুখামুখি হৈ আছে বিধায়কজন।

বিধায়কজনলৈ এই সন্দৰ্ভত আজি ইমান ফোন আহিছে যে তেওঁ বা তেওঁৰ ব্যক্তিগত সহায়কে ফোন ধৰিয়েই ‘আপুনি বাৰু এন আৰ চিত ছাৰৰ নাম থকা নথকাৰ কথা সুধিবলৈ ফোন কৰিছে নেকি?’ বুলি ফোন কৰোতাজনক ওলোটাই প্ৰশ্ন কৰে।

বিধায়কজনৰ ব্যক্তিগত সহায়কজনে আজি এইদৰে উপৰ্য্যুপৰি ফোন অহাৰ কথা কয়। নৰ্থ-ইষ্ট নাওক জনায় যে বিধায়কজনৰ নাম খচৰাত আছে। নাম নাই বুলি এটা ভুৱা প্ৰচাৰহে চলিছিল।

উল্লেখযোগ্য যে আজি পুৱা ১০ বজাত বহু প্ৰত্যাশিত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপ চূড়ান্ত আৰু একত্ৰীকৃত (প্ৰথম আৰু দ্বিতীয় খচৰা) খচৰা প্ৰকাশ কৰা হয়।

সৰ্বমুঠ ৩ কোটি ২৯ লাখ ৯১ হাজাৰ ৩৮৪জন লোকৰ আৱেদন চালি-জাৰি চাই ইয়াৰে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭জন লোকৰ নাম পূৰ্ণাংগ খচৰাত অন্তৰ্ভুক্ত কৰিছে এন আৰ চি কৰ্তৃপক্ষই। আনহাতে, খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭জনৰ নাম। এই বাদ পৰাসকলৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ ডি-ভোটাৰ আছে বুলি জানিব পৰা গৈছে।