NORTHEAST NOW (Assamese)

খাদ‍্যত বিষক্ৰিয়া ঘটি ডিমৌত পাঁচজন লোক গুৰুতৰভাৱে অসুস্থ

May 4, 2018 7:28 am · হিতোজ্জ্বল চেতিয়া
প্ৰতিনিধিত্বমূলক চিত্ৰ

বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ ডিমৌত খাদ্যত বিষক্ৰিয়া ঘটি চিকিৎসাধীন হ’বলগীয়া হয় শিশুসহ পাঁচজন লোক। ডিমৌৰ অস্থায়ী দোকানৰ পৰা ক্ৰয় কৰি নিয়া জেলেপি খোৱাৰ পাছতে একেটা পৰিয়ালৰে পাঁচজন লোক হঠাৎ অসুস্থ হৈ পৰে।

স্থানীয় লোকৰ তৎপৰতাত বিষক্ৰিয়াত আক্ৰান্ত গুৰুপ্ৰসাদ ধুংগল(৭০), সুমিত্ৰা দেৱী(৩৪), মাধৱী শৰ্মা(৩২), ঈশ্বৰ শৰ্মা (৩৫) আৰু উৰ্মিলা ছেত্ৰী(৯) এই আটাইকেইজন লোককে লগে লগে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসকে আটাইকেইজন লোকৰে চিকিৎসা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

জানিব পৰা মতে লোককেইজনৰ ঘৰ ডিমৌৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ ধাইবাৰী গাঁৱত। পৰিয়ালৰ সদস্য এগৰাকীয়ে ডিমৌৰ পৰা ঘৰলৈ যোৱাৰ সময়ত ডিমৌ-নিতাই ৰোডৰ বিৰু মুণ্ডা নামৰ লোকজনৰ ফুটপাথৰ দোকানৰ পৰা জেলেপি ক্ৰয় কৰি নিছিল।

বৰ্তমান অসুস্থসকল চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে ফুটপাথৰ মিঠাই দোকানী বিৰু মুণ্ডাই তেওঁৰ জেলেপিত কোনো বিষক্ৰিয়া হোৱাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।

ইফালে ফুটপাথত একাংশ ব্যৱসায়ীয়ে অস্বাস্থ‍্যকৰ পৰিবেশ আৰু অপৰিস্কাৰভাৱে জেলেপিবোৰ বনোৱাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি একাংশ স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Related News