খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি আৰম্ভ : বিভিন্ন জনৰ প্ৰতিক্ৰিয়া

18a66081-beb7-40d1-853f-0ce67b2dc2d4

নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিৰ বাবে উপস্থিত হৈছে বিভিন্ন দল-প্ৰতিনিধি : ফটো-নৰ্থইষ্ট নাও

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬’ সম্পৰ্কত শুনানি গ্ৰহণৰ বাবে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত যুটীয়া সংসদীয় সমিতিয়ে বিভিন্ন দল-সংগঠনৰ লগতে ব্যক্তিৰ মতামত গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি বিভিন্নজনে নৰ্থ ইষ্ট নাওৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

যুটীয়া সংসদীয় সমিতিৰ শুনানিত অংশগ্ৰহণ কৰি চিপিআই (এম) এ অসম চুক্তিৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ দাবী তুলিছে। চিপিআই(এম)ৰ বৰ্ষীয়ান নেতা হেমেন দাসে কয় যে এই সংশোধনী আনিব বিচৰা বিধেয়কখন সম্পূৰ্ণ সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক। সেই গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছো।

একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে। তেওঁৱো অসম চুক্তিৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ দাবী তুলিছে। তাৎপৰ্যপূৰ্ণভাৱে, তেওঁ গোৱালপাৰা আৰু নলবাৰীত আইছিছৰ পতাকা উদ্ধাৰৰ ঘটনা চৰকাৰৰ চক্ৰান্ত বুলি অবিহিত কৰিছে। এয়া চৰকাৰৰ মূল ইচ্ছ্যুৰ পৰা অসমৰ মানুহক অঁতৰাই নিয়াৰ চক্ৰান্ত বুলি তেওঁ মন্তব্য কৰে।

শুনানিৰ বাবে উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মতামত প্ৰদানৰ বাবে উপস্থিত হৈছে টাই আহোম ছাত্ৰ সন্থা আৰু গৰিয়া যুৱ পৰিষদেও।

টাই আহোম ছাত্ৰ সন্থাই বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি প্ৰকাশ কৰি সমিতিয়ে যদি নিজৰ মততে অটল থাকি মতামতক গুৰুত্ব নিদিয়ে তেতিয়া ভৱিষতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

বৰ্তমানলৈকে ইয়াত উপস্থিত হোৱা আটাইবোৰ দল-সংগঠনে অসম চুক্তিৰ আধাৰতে নাগৰিকত্ব প্ৰদানৰ দাবী তুলিছে। যুটীয়া সংসদীয় সমিতিৰ আগত মতামত দিবলৈ ব্যক্তিগতভাৱেও কিছু লোক আহি ইয়াত উপস্থিত হৈছে। অসমৰ এগৰাকী সকলোৰে পৰিচিত সাংস্কৃতিক কৰ্মী মানস ৰবীনো মতামত প্ৰদানৰ বাবে আহি ইয়াত উপস্থিত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক শুনানিৰ বাবে আহি উপস্থিত হৈছেহি অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ।

ইয়াৰ আগেয়ে আজি কৃষক নেতা অখিল গগৈয়ে ইয়াত উপস্থিত হৈ শুনানি প্ৰক্ৰিয়াকলৈ সন্দেহ ব্যক্ত কৰে। শুনানিৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন আৰু বৰাকত তিনিদিন ধাৰ্য কৰাৰলৈও গগৈয়ে সন্দেহ প্ৰকাশ কৰে।

আনহাতে, কৃষক নেতাগৰাকীয়ে আজি শুনানিৰ আগেয়ে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰকাশ কৰা মন্তব্যৰো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কৃষক মুক্তিৰ সহস্ৰাধিক সদস্যই ইয়াত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

শুনানিৰ বাবে আহি ইয়াত উপস্থিত হৈছেহি ত্ৰিপুৰাৰ নৰ্থইষ্ট ইণ্ডিজেনিয়াছ ফৰাম।