NORTHEAST NOW (Assamese)

খানাপাৰাৰ খেলপথাৰ ধ্বংস : কৰ্তৃপক্ষৰ বিপৰীত ভাষ্য ছাত্ৰ একতা সভাৰ সম্পাদকৰ

June 18, 2018 8:51 pm · অনিৰ্বাণ পাঠক
Updated: June 18, 2018 8:54 pm
খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখনৰ আজি লোৱা এটা আলোকচিত্ৰ।

খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন বিজেপিয়ে ৰাজনৈতিক সভা-সমিতি পাতি ধ্বংস কৰিলে বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কৰা অভিযোগৰ আজি বিপৰীত ভাষ্য দিছে খানাপাৰাস্থিত পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই।

ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি দত্তই আজি নৰ্থ-ইষ্ট নাওৰ আগত বিষয়টো গুৰুত্বহীন কৰি কয়, “অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানো তাত অনুষ্ঠিত হৈ থাকে আৰু তেতিয়াও খেলপথাৰৰ কিছু ক্ষতি হয়।” তেওঁ কয় যে একেদৰেই অন্যান্য অনুষ্ঠানসমূহ অনুষ্ঠিত কৰোতেও কিছু ক্ষতি হোৱাটো স্বাভাবিক।

খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখনৰ আজি লোৱা এটা আলোকচিত্ৰ।

মন কৰিব লগীয়া কথাটো হ’ল ৰূপজ্যোতি দত্তৰ এই ভাষ্য বিষয়টো সন্দৰ্ভত আছু, অঃ জাঃ যুঃ ছাঃ পৰিষদ, ৰাজ্যৰ ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক তথা অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট নাগৰিকে দিয়া অভিমতৰো বিপৰীত।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ টি আই আৱেদনৰ উত্তৰত বিজেপিয়ে খেলপথাৰখন ধ্বংস কৰা বুলি জনোৱাৰ লগতে মোদীৰ ৰাজনৈতিক সভাৰ বাবে ইয়াৰ দেৱাল ভঙা, হেলিপেড নিৰ্মাণৰ বাবে মূল্যৱান পিটছ খান্দি নষ্ট কৰা বুলি জনোৱা হৈছিল। তাৰোপৰি, ‘অসম কৃষি বিশ্ববিদ্যালয়ৰ কোনো বিষয়াই, কোনো সংগঠনকে এই দেৱালসমূহ ভাঙিবলৈ কৰ্তৃত্ব দিয়া নাছিল আৰু কোনো সংগঠনে বিশ্ববিদ্যালয়ক কোনো ক্ষতিপূৰণ দিয়া নাই’ বুলিও আৰ টি আই আৱেদনৰ উত্তৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে জনাইছিল।

নৰ্থ-ইষ্ট নাওৰ সবিস্তাৰ প্ৰতিবেদনৰ পিছত বিষয়টো ৰাজ্যৰ বিভিন্ন স্তৰৰ বিশিষ্ট নাগৰিকৰ দৃষ্টিগোচৰ হোৱা তথা তেওঁলোকৰ পৰা অহা প্ৰতিক্ৰিয়াৰ পিছত ৰাজ্যিক বিজেপিৰ নেতৃত্বই দায়সৰা মন্তব্য দিছিল। কেৱল দায়সৰা মন্তব্যই নহয়, ভঙা দেৱাল নিৰ্মাণ কৰি দিয়া হ’ল বুলি কৈ বিষয়টোত ৰাজ্যিক বিজেপিয়ে আন এক মিথ্যাচাৰৰো আশ্ৰয় লৈছিল। ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই বিজেপিয়ে ভঙা অংশবোৰ মেৰামতি কৰি দিছিল বুলি দাবী কৰে যদিও নৰ্থ-ইষ্ট নাওৰ চৰজমিন প্ৰতিবেদনে সেয়া মিছা বুলি প্ৰমাণ কৰে।

খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখনৰ আজি লোৱা এটা আলোকচিত্ৰ।

মন কৰিব লগীয়া যে এই গুৰুতৰ বিষয়টোত আজি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি দত্তই অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কথাক এক প্ৰকাৰৰ মিছা প্ৰমাণিত কৰাৰ দৰে হয়। ইয়াৰোপৰি সাধাৰণ সম্পাদকজনে নৰ্থ-ইষ্ট নাওক কয় যে তেওঁ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱা বেছিদিন হোৱা নাই আৰু সেয়ে বিষয়টো ভালদৰে জানি লোৱাৰ পাছতহে সঠিক মত দিব পাৰিব।

ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত থকাৰ পিছতো সমগ্ৰ গুৱাহাটীৰ ভিতৰতে উৎকৃষ্ট হিচাপে চিহ্নিত, নিজৰ মহাবিদ্যালয়ৰ গৌৰৱস্বৰূপ খেলপথাৰখনৰ অৱস্থা সন্দৰ্ভত ৰূপজ্যোতি দত্তৰ অনুভূতিহীনতা আৰু অজ্ঞতা প্ৰদৰ্শনে সকলোকে আচৰিত কৰিছে। ৰূপজ্যোতি দত্তই লগতে কয় যে খেলপথাৰখন সন্দৰ্ভত দিয়া আৰ টি আই আৱেদনৰ উত্তৰত প্ৰকাশ পোৱা তথ্য সম্পৰ্কে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে আলোচনা কৰিব আৰু তাৰ পাছত ছাত্ৰ একতা সভাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।

Related News