‘ক্কোৰা আছাম মীট আপ’ৰ দ্বিতীয় সংস্কৰণ এইবাৰ গুৱাহাটীত

quora

খানাপাৰাৰ গ্ৰীনউড ৰিজৰ্টত জুন মাহৰ ৩০ তাৰিখে ‘ক্কোৰা আছাম মীট আপ’ৰ দ্বিতীয় সংস্কৰণটো অনুষ্ঠিত কৰা হ’ব। ক্কোৰা হৈছে আমেৰিকাস্থিত তথ্য আদান-প্ৰদান কৰা এখন ডিজিটেল মঞ্চ। ইণ্টাৰনেটত  ‘ক্কোৰা’ই (Quora) বিভিন্ন বিষয়বস্তুৰ ওপৰত প্ৰশ্নৰ মাজেৰ তথ্যৰ আদান-প্ৰদান কৰাৰ এখন বিনামূলীয়া বিশ্বজনীন মঞ্চ এখনৰ সৃষ্টি কৰিছে।

ক্কোৰাৰ ছাৰ্চ বাৰ’ত প্ৰশ্নকৰ্তাই প্ৰক্ষেপ কৰা যিকোনো প্ৰশ্নৰ বিশ্বৰ যিকোনো এটা কোণৰ পৰা আন এজনে উত্তৰ দিয়াৰ সুবিধা লাভ কৰে।

এই ‘ক্কোৰা ব্ৰাডাৰহুড’ৰ অসম গোটটোৱে ‘বিশ্বৰ দৰ্শকৰ সন্মুখত উত্তৰ-পূব ভাৰতক প্ৰক্ষেপ’ বিষয়বস্তুৰ মাজেৰে পৰস্পৰে মত বিনিময় কৰাৰ এটা সুযোগ লাভ কৰিছে।

এই ‘ক্কোৰা ব্ৰাডাৰহুড’ৰ অসম গোটটোৱে অসমৰ ইতিহাস আৰু সংস্কৃতিৰ ইতিহাসৰ ওপৰত আলোচনা কৰাৰ লগতে সমাজিক পৰিৱৰ্তনৰ ধাৰাটোৰ বিষয়ে আলোচনা কৰিব আৰু অসমৰ চহকী ঐতিহ্যক বিশ্বৰ দৰ্শকমণ্ডলীৰ ওচৰত পৰিৱেশন কৰিব।