খাৰুপেটীয়াত তীৰ খেলৰ ঘাটি উৎখাত, ২ লাখতকৈ অধিক টকাৰ সৈতে ৪ জনক আটক

জুৱা চক্ৰৰ বিৰুদ্ধে শেহতীয়াভাৱে তৎপৰ হৈ পৰা দৰং আৰক্ষীয়ে কালি আন এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। জিলাখনৰ উপ আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত যোৱা খাৰুপেটীয়া আৰক্ষী থানাৰ এটা দলে কালি খাৰুপেটীয়াত এটা  অবৈধ তীৰ খেলৰ ঘাটি উৎখাত কৰাৰ লগতে ৪ জন তীৰ দালাল আটক কৰে।

আটকাধীন দলটেৰ সদস্যকেইজনক আৰক্ষীয়ে শ্বেৰপুৰৰ এজাৰ আলী, ঢুলাৰ ওমৰ আলী আৰু আব্দুল আলী আৰু খাৰুপেটীয়াৰ মোজাম্মিল হক বুলি চিনাক্ত কৰিছে।

দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠ থিৰাভিয়ামে নৰ্থ-ইষ্ঠ নাও ক জনাই যে আৰক্ষীৰ দলোটৱে দালাল চক্ৰটোৰ পৰা ২,৩৮,৬৩০ টকা, তীৰ খেলৰ টিকেট আৰু এখন এ এছ ১৩ জি ০৩৯৭ নম্বৰৰ গাড়ী জব্দ কৰে।

বৰ্তমান তেওঁলোকক আছাম গেম এণ্ড বেটিং এক্ট ১৯৭০ৰ অধীনত ন্যায়িক জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ক্ৰমাৎ জুৱাৰ ঘাটিলৈ পৰিনত হ’বলৈ ধৰা জিলাখনত আৰক্ষীয়ে যোৱা কিছু সপ্তাহৰ পূৰ্বে চলোৱা দুটা পৃথক অভিযানত মঙলদৈ আৰু ছিপাঝাৰৰ পৰা দুটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে ১৪জন অবৈধ জুৱাৰিক আটক কিছিল।

পৰৱৰ্তী সময়ত অবৈধ জুৱা চক্ৰৰ বিৰুদ্ধে এনে ধৰণৰ অভিযান চলাই যোৱা হ’ব বুলি আৰক্ষী অধীক্ষক শ্ৰীজিঠে জানিবলৈ দিয়ে।