খিলঞ্জীয়াৰ ভূমি, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ ১৯৫১ চনেই ভিত্তিবৰ্ষ হ’ব লাগে : কলিতা জনগোষ্ঠী সন্মিলন

IMG20180516115310

‘’১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত অধিকাৰ সংৰক্ষিত হ’ব পৰা বিধেয়কহে সদনত উত্থাপিত হ’ব লাগে,’’- আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ সোনেশ্বৰ কলিতাই এই মন্তব্য কৰে।

তদুপৰি, ড০ কলিতাই কয় যে হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনৰ প্ৰতি খিলঞ্জীয়া লোকসকল অত্যন্ত আশাবাদী আছিল। কমিটিখনৰ তিনিগৰাকী সদস্য ক্ৰমে ড০ ৰোহিনী কুমাৰ বৰুৱা, অনিল ভট্টাচাৰ্য্য আৰু অজয় দত্তৰ অভিযোগ মতে তেওঁলোকৰ অজ্ঞাতে হৰিশংকৰ ব্ৰহ্মই প্ৰতিবেদনখনৰ কিছুমান গুৰুত্বপূৰ্ণ দফা বাদ দি নিজাববীয়াকৈ এখন প্ৰতিবেদন প্ৰকাশ কৰা বুলিও ড০ কলিতাই সদৰী কৰে।

উল্লেখযোগ্য যে হৰিশংকৰ ব্ৰহ্মৰ সহমতত প্ৰস্তুত হোৱা প্ৰকৃত প্ৰতিবেদনখন প্ৰকাশ কৰিবৰ বাবে আজিৰ সংবাদ মেলৰ জৰিয়তে কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতিগৰাকীয়ে দাবী জনায়।

আনহাতে, সংবাদ মেলৰ শেষত সন্মিলনৰ সভাপতিগৰাকীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে যে ৭ মে’ত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ শুনানিত অংশগ্ৰহণ কৰি তেওঁলোকে এনেকুৱা এখন জাতিধ্বংসী বিধেয়ক বাতিল কৰিবলৈ আবেদন জনোৱাৰ লগতে স্মাৰক পত্ৰও প্ৰদান কৰিছিল। তেওঁ লগতে কয় যে যদিহে এই বিধেয়কখন বাতিল নকৰে তেন্তে অন্যান্য জনগোষ্ঠীসমূহক লগত লৈ তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তুলিব।

তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰে গ্ৰহণ কৰা জনসংখ্যা নীতিৰ সৈতে আৰু এটা কথা সংলগ্ন কৰিবলৈ  আহ্বান জনাই ড০ কলিতাই কয় যে দুটা সন্তানতকৈ অধিক সন্তান থাকিলে কেবল নিৰ্বাচন খেলাৰ সুবিধাৰ পৰা পৰা বঞ্চিত কৰিলেই সমস্যাৰ সমাধান নহ’ব, লগতে অন্যান্য চৰকাৰী সা-সুবিধাৰ পৰাও তেওঁলোকক বঞ্চিত কৰিলেহে মুছলমান জনসংখ্যা নিয়ন্ত্ৰণ হ’ব বুলিও তেওঁ সদৰী কৰে।

সৰ্বানন্দ সোণোৱালে ভিয়েটনাম যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ মুখ্য সম্পাদকসকলৰ আগত ‘অসমৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কামেই নকৰো’ বুলি কোৱা কথাষাৰক আদৰণি জনাই ড০ কলিতাই কয়, ‘’আপুনি খিলঞ্জীয়া মানুহৰ দ্বাৰা নিৰ্বাচিত হৈছে গতিকে খিলঞ্জীয়াৰ স্বাৰ্থক আগস্থান দিয়ক। সেই হিচাপে কলিতা জনগোষ্ঠীৰ সমস্যাসমূহ অহা ৩০ জুনৰ ভিতৰত সমাধান কৰাৰ বাবে আমি দাবী জনাইছো। অন্যথা কলিতা জনগোষ্ঠীয়েও জংগী আন্দোলন গঢ়ি তুলিব বুলি আমি ঘোষণা কৰিছো।‘’