খিলঞ্জীয়াৰ মৰ্যাদাক লৈ উত্তাল মণিপুৰৰ জিৰিবাম জিলা : আৰক্ষীৰ গুলীত আহত ১০জন প্ৰতিবাদকাৰী

37830463_2195292364091182_1058799658547019776_o

অসমৰ কাছাৰ জিলা সংলগ্ন জিৰিবামৰ তুলকালামত শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সময়তে সংঘটিত হয় ব্যাপক হিংসাত্মক কাৰ্যকলাপ। খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষাৰ হকে গ্ৰহণ কৰা এখন বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে জ্বলি উঠিল চুবুৰীয়া ৰাজ্য মণিপুৰৰ জিৰিবাম জিলা।

পৰিণতিত জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষকসহ প্ৰতিবাদীকাৰী আৰু নিৰাপত্তা বাহিনী উভয় পক্ষৰ কমেও ১০জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত আছে মহিলাও। আহতসকলৰ ভিতৰত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, যোৱা ২৩ জুলাইত মণিপুৰ বিধানসভাই সৰ্বসন্মতিক্ৰমে অনুমোদন জনাইছিল ‘দ্য মণিপুৰ পিপল্‌ছ প্ৰটেকচন বিল ২০১৮’ত এই বিধেয়কখনৰ জৰিয়তে ১৯৫১ চনৰ পূৰ্বে অহা মেইটিজ সম্প্ৰদায়ৰ মণিপুৰী পাংগাল মুছলিম আদিক খিলঞ্জীয়াৰ মৰ্যাদা দিয়া হৈছে।

বিধেয়কখনত বিধানসভাই অনুমোদন জনোৱাৰ লগে লগে বিৰূপ প্ৰতিক্ৰিয়াৰ উদ্ভৱ হয় চুবুৰীয়া ৰাজ্যখনত। বিশেষতৈ অ-মণিপুৰীসকলে ইয়াক অসাংবিধানিক আখ্যা দিয়ে। ‘জয়েণ্ট একচন কমিটী এগেইনষ্ট বেছ ইয়াৰ ১৯৫১’ নামৰ সংগঠনটোৱে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

শুকুৰবাৰে তুলকালামত শতাধিক লোকে বিধেয়কখনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াইছিল। কিন্তু ১৪৪ ধাৰাৰ দোহাই দি আৰক্ষী-নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে। পৰিণতিত দুয়োপক্ষৰ মাজত হতাহতিৰ সূত্ৰপাত ঘটে। এই হতাহতিয়েই এটা সময়ত সংঘৰ্ষৰ ৰূপ লয়।

প্ৰতিবাদকাৰীসকলে আৰক্ষী-নিৰাপত্তা বাহিনীক লক্ষ্য কৰি শিল নিক্ষেপ কৰে। আৰক্ষী-নিৰাপত্তা বাহিনীয়েও ওলোটাই খেদি খেদি প্ৰহাৰ কৰে প্ৰতিবাদকাৰীসকলক। ঘটনা ইমানতে শাম নাকাটিল। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে কন্দুৱা গেছ আৰু শূন্যলৈ গুলী নিক্ষেপ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলক লক্ষ্য কৰিও গুলীবৰ্ষণ কৰে। আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰী যুৱক আহত হৈছে। সেইদৰে লাঠীচালনাত আহত হৈছে আন কেইবাজনো। অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত থকা বুলি জানিব পৰা গৈছে।