খুমটাইত মজুৰি বৃদ্ধিৰ দাবীত দুখনকৈ চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ

গোলাঘাট জিলাৰ খুমটাইত আজি দুখনকৈ চাহ বাগিচাৰ শ্ৰমিকে মজুৰি বৃদ্ধিৰ দাবীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে খুমটাইৰ গৰঙা চাহ বাগিচা আৰু শাঁওতলী চাহ বাগিচাৰ প্ৰায় শতাধিক শ্ৰমিকে পুৱা বাগিচাৰ কাম বন্ধ কৰি কাৰ্যালয় সন্মুখত উপস্থিত হৈ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে চৰকাৰে বৰ্তমান সময়ত শ্ৰমিকৰ মজুৰি যি ৩০ টকা বৃদ্ধি কৰা বুলি ঘোষণা কৰিছিল সেয়াও বৰ্তমানলৈকে নোপোৱাত শ্ৰমিকসকল ক্ষুভিত হৈ পৰিছে। লগতে অহা ১ আগষ্টৰ পৰা যদি বৰ্দ্ধিত মজুৰি লাভ নকৰে তেন্তে অনাগত দিনত ইয়াতকৈও ভয়াৱহ আন্দোলন কৰিব বুলি আজি প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদী শ্ৰমিক সকলে হুংকাৰ প্ৰদান কৰে।

বাগিচা দুখনৰ প্ৰতিবাদকাৰী শ্ৰমিকসকলে বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰেখনে শ্ৰমিক সকলে প্ৰতিবাদৰ পিছত প্ৰতিবাদ কৰি থকাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি কেৱল নিৰ্বাচন আহিলেহে শ্ৰমিক সকলক প্ৰয়োজন হয় বুলি সমালোচনা কৰে।

আজি প্ৰতিবাদকাৰী শ্ৰমিক সকলে ‘বিজেপি চৰকাৰ মুৰ্দাবাদ, পল্লৱলোচন দাস মুৰ্দাবাদ, শ্ৰমিকৰ ওপৰত শোষণ নীতি বন্ধ কৰক’ আদি প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।