খেলপথাৰত কলম বনাম বন্দুকৰ যুঁজত জয়ী হ’ল কলম

Goreshwar

কলম শ্ৰেষ্ঠ নে বন্দুক শ্ৰেষ্ঠ -এই প্ৰশ্নই সদায় সৰ্বস্তৰত চৰ্চা লাভ কৰি আহিছে। ইয়াৰ সৰ্বগ্ৰহণযোগ্য মীমাংসা পোৱা দুৰূহ যদিও কলমকে শ্ৰেষ্ঠ জ্ঞান কৰা দেখা যায় সংখ্যাগৰিষ্ঠৰ মাজত। কাৰণ কলমে সমাজৰ বৃহত্তৰ অংশক সজাগ কৰি পৰিৱৰ্তন আনি দিব পাৰে।

কালি গোৰেশ্বৰত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি ৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কলমধাৰী আৰু অস্ত্ৰধাৰীৰ মাজত এখন প্ৰীতি ফুটবল অনুষ্ঠিত হয়। কলম চলাই জনসাধাৰণৰ বিভিন্ন খা-খবৰৰ যোগান ধৰা সাংবাদিক আৰু কান্ধত অস্ত্ৰ লৈ জনসাধাৰণক নিৰাপত্তা দিয়া চি আৰ পি এফৰ দুটা দলৰ মাজত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। কলম আৰু অস্ত্ৰৰ মাজৰ এই যুঁজত লক্ষণীয়ভাৱে জয়ী হয় কলম।

কালি ৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে গোৰেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত চি আৰ পি এফৰ গোৰেশ্বৰ কেম্প বনাম গোৰেশ্বৰ প্ৰেছ ক্লাবৰ মাজত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখন ৷ অঞ্চলটোৰ স্থানীয় সাংবাদিকসকল আৰু কেম্পৰ জোৱানসকল এদিনৰ বাবে ফুটবল খেলুৱৈ হৈ পৰে ৷

দুয়োটা দলেই সুন্দৰ ক্ৰীড়াসুলভ মনোভাব প্ৰদৰ্শন কৰাৰ লগতে উপস্থিত দৰ্শকক আমোদ দিয়ে।

আনহাতে খেলখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল চি আৰ পি এফৰ অ’ চি প্ৰশান্ত সিংহই।  ৫৫ মিনিটৰ খেলখনত গোৰেশ্বৰ প্ৰেছ ক্লাবৰ খেলুৱৈসকলে চি আৰ পি বাহিনীক ৪-৩ গ’লত হৰুৱায়।