খৈৰাবাৰী সামূহিক চিকিৎসালয়ত ভুল চিকিৎসাত ৰোগীৰ মৃত্যুৰ অভিযোগ, দল-সংগঠনৰ প্ৰতিবাদ

Khoirabari_Hospital_2

যোৱা ২৩ জুলাইত শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাৰ সময়ত ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ৰোগীৰ আত্মীয়ই চিকিৎসালয়খন লণ্ডভণ্ড কৰাৰ সময়তে ২৪ জুলাইত ওদালগুৰি জিলাৰ খৈৰাবাৰী সামূহিক চিকিৎসালয়ত এবছুকে ধৰি  বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদৰ কাৰণ একেই। চিকিৎসকৰ ভুলৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ মতে, কেইদিনমান পূৰ্বে চিকিৎসালয়খনত ভুল চিকিৎসাৰ বাবে দুজনকৈ ৰোগীয়ে মৃত্যুক সাৱটি ল’ব লগীয়া হৈছিল।

তাৰোপৰি ৩০খন বিছনাযুক্ত চিকিৎসালয়খনত বিগত কেইবা বছৰ ধৰি স্থায়ী চিকিৎসক নোহোৱাৰ ফলত স্থানীয় লোকসকলে চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈ আহিছে।

আনহাতে চিকিৎসালয়ৰ আন্তঃগাঁথনিও অতি নিম্ন স্তৰতে আছে, যাৰ বাবে চিকিৎসালয়খনত নাই কোনো উপযুক্ত সা-সুবিধা।

প্ৰতিবাদী সংগঠনকেইটাই অনতিপলমে চৰকাৰক চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নীত কৰাৰ লগতে স্থায়ী চিকিৎসক নিযুক্তিৰ দাবী জনায়।

প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লৈছিল খৈৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, বেংগলী যুৱ ছাত্ৰ ফেডাৰেইশ্যন, বৰ্মন কছাৰী ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, বেংগলী ছাত্ৰ সন্থা, বড়ো মহিলা কল্যাণ পৰিষদৰ কৰ্মকৰ্তাই।

প্ৰতিবাদী কাৰ্য্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে ভেৰগাঁৱৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।