খ্ৰীষ্টানসকলক সুৰক্ষা দিয়াৰ বাবে বিজেপি দায়বদ্ধ: কিৰেন ৰিজিজু

File Photo: Union Minister of state for Home Kiren Rijiju

নাগালেণ্ডৰ লগতে অন্য খ্ৰীষ্টান জনবসতি থকা ৰাজ্য সকলক যিকোনো প্ৰকাৰে সুৰক্ষা দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টী সম্পূৰ্ণ দায়বদ্ধ। মঙলবাৰে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে নাগালেণ্ডৰ ৫৯ নং ছেয়’ছুং চিটিমি বিধানসভা সমষ্টিত আয়োজিত এখন জনসভাত অংশ লৈ এই মন্তব্য কৰে।

নেতাগৰাকীয়ে কয় যে মুখ্য মন্ত্ৰী, মন্ত্ৰীৰ পৰা বিধায়ক পৰ্যায়লৈ ইয়াৰ সকলো লোক খ্ৰীষ্টান আৰু খ্ৰীষ্টান ধৰ্মালম্বী নাগাসকলেই নাগালেণ্ডত চৰকাৰ গঠন কৰিব। লগতে কয় যে ইয়াত অন্য কোনো সম্প্ৰদায় জাপি দিয়াৰ প্ৰশ্নই নুঠে।

ইয়াৰ উপৰি তেওঁ আৰু কয় যে সকলোৱে সাম্প্ৰদায়িক আখ্যা দি থকা বিজেপিয়ে খ্ৰীষ্টান অধ্যুষিত গোৱা আৰু অৰুণাচল প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। আনহাতে মুছলিম অধ্যুষিত ঠাই জন্মু আৰু কাশ্মীৰত অন্য দলৰ সৈতে মিত্ৰজোঁটত চৰকাৰ গঠন কৰাৰ কথা জনসভাখনত উল্লেখ কৰে।

ভাৰতীয় জনতা পাৰ্টীয়ে আভূৱা ভৰাৰ বিপৰীতে কেবল উন্নয়নত হে গুৰুত্ব প্ৰদান কৰে বুলি ৰিজিজুৱে মন্তব্য কৰে। লগতে ভূল তথ্য প্ৰচাৰৰ পৰা কাৰোৱে একো লাভ নহয় বুলিও কয়।

ৰিজিজুৱে লগতে উল্লেখ কৰে যে যদিহে বিজেপি ৰাজ্যখনৰ শাসনত উপবিষ্ট হয় তেন্তে দলটোৱে দীৰ্ঘদিনীয়া নাগা সমস্যা সমাধান সন্দৰ্ভত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব।

উল্লেখ্য যে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী পৰ্য্যবেক্ষকৰ দায়িত্বত থকা মন্ত্ৰী ৰিজিজুৱে নাগালেণ্ডত দলটোক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।