গঁড়-খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় পৰিচালিত হয় চীনৰ পৰা : কাজিৰঙাত ঘোষণা পেৰা চাইক্লিষ্ট ৰাকেশৰ

‘গঁড়ৰ খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় পৰিচালিত হয় চীন দেশৰ পৰা। গঁড়ৰ খৰ্গ টামু আৰু মোৰে হৈ বিদেশৰ বজাৰলৈ ওলাই যায়।’ অন্যধৰণে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে থাইলেণ্ডৰ পৰা চাইকেলেৰে আহি আজি কাজিৰঙাত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰ আগত এই মত প্ৰকাশ কৰে।

থাইলেণ্ডৰপৰা ম্যানমাৰ হৈ ৩২০০ কি.মি. দূৰত্ব চাইকেলেৰে অতিক্ৰমি অহা যুৱকজনে লগতে জনায় যে, ‘চীনৰ লগতে এচিয়াৰ বহু দেশত গঁড়ৰ খৰ্গৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ উপৰি অন্ধবিশ্বাসী ধাৰণাৰে যৌন উদ্দীপক ঔষধো প্ৰস্তুত কৰা হয়।’

২৪ ডিচেম্বৰত থাইলেণ্ডৰ বেংককৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰা ৩১ বছৰীয়া যুৱকজনে যাত্ৰাপথত মুঠ ৩২ খন চহৰ অতিক্ৰম কৰি আহে।

গঁড় সম্বন্ধে ম্যানমাৰৰ স্থানীয় লোক একেবাৰে অজ্ঞাত বুলি উল্লেখ কৰি গঁড়ৰ চোৰাং ব্যৱসায় ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবেই তেওঁ এই চাইকেল যাত্ৰা কৰা বুলি জনায়৷

আজি কাজিৰঙাত উপস্থিত হোৱা বনিকে সংবাদ মাধ্যমৰ আগত তেওঁৰ ভ্ৰমণ অভিজ্ঞতাও বৰ্ণনা কৰে৷ উল্লেখযোগ্য যে ম্যানমাৰত চাইকেল চলোৱাৰ অনুমতি নোপোৱাৰ বাবে ১২ দিন তেওঁ ম্যানমাৰৰ দ্বিতীয় বৃহৎ চহৰ মাণ্ডালয়ত আবদ্ধ হৈ ৰ’ব লগা হৈছিল৷

‘ছেইভ ৰাইন’’ বাৰ্তা লৈ চাইকেল চলাই কৰা ৰাকেশ বণিকৰ এই বিশেষ পৰিভ্ৰমণৰ অহা ২৭ জানুৱাৰীত গুৱাহাটীত অন্ত পৰিব৷

কাজিৰঙা জীপ ছাফাৰি সংস্থাই জীপচি গাড়ীৰ সমদলেৰে কাজিৰঙালৈ যুৱকজনক বিপুল আদৰণি জনায়৷

উল্লেখযোগ্য যে পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে ২০১২ চনৰ ১১ জুনত এক দুৰ্ঘটনাত সোঁ ভৰিখন হেৰুৱাবলগীয়া হৈছিল।

দুৰ্ঘটনাটোৰ পিছত নগাওঁ কলিয়াবৰৰ আমবাগানৰ এই যুৱকজনে অদমনীয় উদ্যমেৰে অনুশীলন কৰি দেশৰ ভিতৰতে এজন আগশাৰীৰ পেৰা-চাইক্লিষ্টৰূপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।