NORTHEAST NOW (Assamese)

গছ থাকিলেহে মানুহ থাকিব : গ্ৰীন ভেলী ফাৰ্মাচ ক্লাবৰ প্ৰসংশনীয় পদক্ষেপ, ৰাস্তাৰ দুয়োকাষে বৃক্ষৰোপন

May 23, 2018 7:06 pm · ইয়াছিন আলী

চৌদিশে বনাঞ্চল ধ্বংসৰ অভিযান চলি থকাৰ মাজতে বঙাইগাঁও জিলাৰ গ্ৰীন ভেলী ফাৰ্মাচ ক্লাৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এক ব‍্যতিক্ৰমী পদক্ষেপ লোৱা দেখা যায়।

স্বেচ্ছাসেৱী সংগঠনটোৱে আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ড আৰু মাণিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠান আৰু গড়কাপ্তানি ৰাস্তাৰ দুয়োকাষে আমলখি, কৃষ্ণচুড়া, দেবদাৰু, শিলিখা, চন্দন, নাহৰ, তিতাচপা, অগৰু, বনচোম, চিধা, জামু ইত্যাদি বিভিন্ন ধৰণৰ গছপুলি ৰোপন কৰে।

স্বেচ্ছাসেৱী সংস্থাটোৰ সভাপতি এম কে পাশাই জানিব দিয়া মতে, গছপুলি ৰোপনৰ লগতে সংৰক্ষণৰ ব‍্যৱস্থাও সংস্থাটোৱে নিজাববীয়াকৈ হাতত লৈছে। ইয়াৰ বাবে চৰকাৰৰ পৰা তেওঁলোকে কোনোধৰণৰ সহায় পোৱা নাই।

সভাপতিজনে ৰাজ্যৰ প্ৰতিগৰাকী লোককে এজোপা গছ কটাৰ আগতে দুজোপা গছ ৰোপন কৰিবলৈ আহ্বান জনাই কয়, ‘আমি সকলোৱে বৃক্ষৰোপন আৰু ৰোপনৰ পাছত সংৰক্ষণৰ প্ৰতি গুৰুত্ব দিয়া উচিত, গছ থাকিলেহে আমি থাকিম।’

সেইবাবেই সংগঠনটোৱে এনে পদক্ষেপক হাতত লৈছে বুলি জানিবলৈ দি তেওঁ কয় যে বৃক্ষ ৰোপণৰ জৰিয়তে আমাৰ পৃথিৱীৰ যি উষ্ণতা বৃদ্ধি পোৱা দেখা গৈছে তাক প্ৰতিৰোধ কৰিব পৰা যাব।

ইয়াৰ উপৰি দিনক দিনে বৃদ্ধি পোৱা বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিস্থানৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱা নিৰ্মূলকৰণ কৰিবৰ বাবেও আমি বৃক্ষৰোপন কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে।

গ্ৰীন ভেলী ফাৰ্মাচ ক্লাবে হাতত লোৱা এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Related News