গণবিচ্ছিন্ন হৈহে বিজেপি এতিয়া বুদ্ধিজীৱী-বিশিষ্ট নাগৰিকৰ শৰণাপন্ন হৈছে : অখিল

08-06-18 Guwahati- Akhil Gogoi press meet (3)

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ সংবাদমেল

‘বিজেপি এতিয়া গণবিচ্ছিন্ন হৈ গৈছে। সেয়ে ড০ হীৰেন গোহাঁই, কনকসেন ডেকাৰ দৰে ব্যক্তিসকলৰ ঘৰলৈ গৈ এটা চমক সৃষ্টি কৰিব বিচাৰিছে। সৰ্বানন্দ সোণোৱালে ভাবি লৈছে এতিয়া তেওঁলোকে চমক সৃষ্টি কৰিব কৰিব নোৱাৰিলে আগন্তুক নিৰ্বাচনত জিকিব নোৱাৰিব’। এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।

শুকুৰবাৰে গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এক যৌথ সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাৰ ঘৰলৈ যোৱাটো এক চমক আখ্যা দিয়ে।

তেওঁ লগতে কয় যে অসমত বিজেপি দলে ভৰিৰ তলৰ মাটি হেৰুৱাই পেলাইছে আৰু এতিয়া যিমান চমক সৃষ্টি কৰিলেও ২০১৯ত অসমত দলটোৱে জয়লাভ কৰাটো অসম্ভৱ। এইধৰণৰ চমকবোৰ ‘ফ্লপ শ্ব’ত পৰিণত হ’ব বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰ উপৰি অখিল গগৈয়ে কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্নজনক লগ কৰি আছে, বিভিন্ন স্থানত অনুষ্ঠিত সভা-সমিতিলৈ গৈ আছে, সাংবাদিকক মন্তব্য দি আছে। এয়া তেওঁৰ ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টাহে মাত্ৰ। তেওঁ আৰু কয় যে মুখ্য মন্ত্ৰীগৰাকীয়ে ক’তো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, মূল্যবৃদ্ধি ৰোধ, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা ফিৰাই আনিব নোৱাৰিলে সৰ্বানন্দ সোণোৱালক এদিন অসমৰ মানুহে খেদি পঠিয়াব বুলিও তেওঁ মন্তব্য কৰে।

শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ১৫ জুনৰ পৰা নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতাৰে কেইবাটাও গণসমাৱেশ, গণ সত্যাগ্ৰহ আৰু গণ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি জানিবলৈ দিয়ে। অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীসমূহ সদৌ তাই ছাত্ৰ সন্থা, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয় আৰু সংগঠনসমূহৰ লগত ঐক্যবদ্ধভাৱে অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, এই ঐক্যবদ্ধ আন্দোলনৰ কাৰ্যসূচী ১৫ জুনৰ পৰা ২৯ জুনলৈ ৰাজ্যৰ ১২ টা স্থান যথাক্ৰমে চাবুৱা, দুলীয়াজান, ডুমডুমা, ডিব্ৰুগড়, শিৱসাগৰ, গেলেকী, নগাওঁ, মাকুম, গোৱালপাৰা, বঙাইগাওঁ, ধুবুৰী আৰু বৰপেটাত ৰূপায়ণ কৰা হ’ব।

আনহাতে, সংবাদমেলত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিত্ত সম্পাদক শিব কলিতাই কয়,  ‘নাগালেণ্ড আৰু মেঘালয় চৰকাৰৰ কেবিনেটে যিদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি সিদ্বান্ত লৈছে, তেনেকৈ সৰ্বানন্দ সোণোৱালৰ গাত যদি লাচিতৰ তেজ আছে তেৱোঁ এই বিধেয়কৰ বিৰোধিতা কৰি দেখুৱাওক’।

একেখন সংবাদমেলতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে ৩০ জুনৰ দিনা এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত যাতে ৰাজ্যত আইন-শৃংখলা অৱনতিৰ কোনো ঘটনা সংঘটিত নকৰে তাৰ বাবে বিজেপি আৰু আৰএছএছক সকীয়াই দিয়ে। তেওঁ লগতে এনআৰচিৰ কামত বিধি-পথালি দিয়াসকল জাতীয় শত্ৰু হিচাপে চিহ্নিত হ’ব বুলিও কয়।

এই সংবাদমেলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য অমিত বৰদলৈও উপস্থিত থাকে।

উল্লেখযোগ্য যে আজি সংবাদমেল আয়োজন কৰা দুয়োটা সংগঠনৰ দ্বাৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিলৰ দাবীত লোৱা ১২জুনৰ যৌথ প্ৰতিবাদী কাৰ্যসূচীটো সদৌ  অসম মটৰ পৰিবহণ সন্থাই  আহ্বান জনোৱা চকাবন্ধ কাৰ্যসূচীৰ বাবে স্থগিত ৰখা হৈছে।