কমনৱেল্‌থ গেমছত স্বৰ্ণ পদক জয়ী মেৰী কমলৈ টুইটাৰযোগে অভিনন্দন ৰাষ্ট্ৰনেতাৰ

Mary-Kom-CWG-2-570x320

বক্সাৰ মেৰী কমৰ ফাইল ফটো

শনিবাৰে  গ’ল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেমছ-২০১৮ৰ দশম দিনা অনুষ্ঠিত হোৱা ৪৫-৪৮ কে: জিৰ মহিলা শাখাত ৫ বাৰৰ অপেছাদাৰী বক্সিং চেম্পিয়ন মেৰী কমলৈ স্বৰ্ণ পদক জয় কৰাৰ পাছত অভিনন্দনৰ সোঁত ব‘বলৈ আৰম্ভ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আছিল তেওঁক অভিনন্দন জনোৱাসকলৰ মাজত অন্যতম। গল্ড ক‘ষ্ট-২০১৮ত  স্বৰ্ণপদক জয় কৰি দেশক গৌৰৱান্বিত কৰা বাবে মেৰী কমক মণিপুৰ আৰু ভাৰতৰেই তাৰকা হিচাপে অভিহিত কৰি ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ টুইটাৰ মেছেজৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছে।

ড‘নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙেও মেৰী কমক অভিনন্দন জনাই টুইট কৰিছে যে গল্ড ক‘ষ্ট-২০১৮ত  স্বৰ্ণপদক জয় কৰি দেশক তেওঁ আকৌ গৌৰৱান্বিত কৰিছে।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৰাজ্যৱৰ্ধন ৰাথোৰে, যি নিজেও এগৰাকী অলিম্পিক শ্বুটাৰ আছিল টুইটাৰযোগে প্ৰথমবাৰতেই গল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেইমছ-২০১৮ৰ ৪৫-৪৮ কেজিৰ মহিলা শাখাত স্বৰ্ণ পদক আজুৰি অনাৰ বাবে মেৰিকমক অভিনন্দন জানাইছে।

কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলেও কমনৱেল্‌থ গেমছ-২০১৮ৰ ৪৫-৪৮ কে: জিৰ মহিলা শাখাত স্বৰ্ণ পদক জয় কৰাৰ বাবে মেৰিকমক অভিনন্দন জনাইছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙেও প্ৰথমবাৰতেই গ’ল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেইমছ-২০১৮ৰ ৪৫-৪৮ কেঃ জিৰ মহিলা শাখাৰ স্বৰ্ণ পদক আঁজুৰি অনাৰ বাবে মেৰী কমক টুইটাৰযোগে অভিনন্দন জানাইছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও স্বৰ্ণ পদক লাভ কৰা মেৰী কমক অভিনন্দন জানাইছে। বিহু আৰু নৱবৰ্ষত ইয়াতকৈ অধিক ডাঙৰ পুৰস্কাৰ হ‘ব নোৱাৰে বুলি তেওঁ টুইট কৰিছে।

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱেও গ’ল্ড কষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেইমছ-২০১৮ৰ মহিলা শাখাত স্বৰ্ণ স্বৰ্ণ পদক লাভ কৰি দেশক আকৌ গৌৰৱান্বিত কৰা মেৰী কমক অভিনন্দন জানাইছে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ো গ’ল্ড ক‘ষ্টত অনুষ্ঠিত কমনৱেল্‌থ গেমছ-২০১৮ৰ মহিলা শাখাত স্বৰ্ণ স্বৰ্ণ পদক আঁজুৰি আনি তেওঁ সাফল্যৰে সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্য সমূহৰ লগতে সমগ্ৰ দেশক গৌৰৱান্বিত বাবে কৰা মেৰী কমক টুইটাৰযোগে অভিনন্দন জানাইছে।