NORTHEAST NOW (Assamese)

গিৰীয়েকৰ গুপ্তাংগ কাটি দিলে ‘নিৰ্য্যাতিতা’ পত্নীয়ে, মৃত্যুৰে যুঁজ স্বামীৰ

May 12, 2018 11:19 pm · মুকেশ কুমাৰ সিং

ধুবুৰী চহৰত বাহাদুৰতাৰী এলেকাত মমিনা বিবি নামৰ এগৰাকী মহিলাই ১১ এপ্ৰিলৰ শেহনিশা স্বামী চফিয়াল হকৰ গুপ্তাংগ কাটি দিয়াৰ এক ঘটনা ঘটিছে।

গুপ্তাংগ কৰ্তনৰ লগে লগে হকৰ চিঞৰ বাখৰত নিদ্ৰাৰ পৰা জাগি উঠা পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আঘাতপ্ৰাপ্ত গুপ্তাংগৰ পৰা অতিমাত্ৰা ৰক্তক্ষৰণৰ ফলত হকে বৰ্তমান মৃত্যুৰে যুঁজি আছে বুলি জানিব পৰা গৈছে।

স্বামীৰ গুপ্তাংগ কৰ্তনৰ পিছতে মহিলাগৰাকীয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও জাগি উঠা পৰিয়ালৰ লোকসকলে ধৰি-বান্ধি তেওঁক আৰক্ষীক গতাই দিয়ে।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি যোৱা ৮ মাহ পূৰ্বে বিয়া হোৱাৰ দিন ধৰি স্বামী হকে মমিনাক মাৰপিট কৰি আহিছিল। পৰিয়ালৰ অভিযোগৰ ভিত্তিত মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ধুবুৰীৰ আমিনা চৰৰ বাসিন্দা মমিনা বিবিয়ে ৮ মাহ পূৰ্বে ধুবুৰী চহৰৰ চফিয়ালক বিয়া পাতিছিল।

Related News