গুণোৎসৱ চলি থকাৰ মাজতে লংকাৰ এখন বিদ্যালয়ত হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনি

যোৱা ৩ জানুৱাৰিৰ পৰা চলি থকা তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ মাজতে আজি লংকাৰ পূব উদালি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰৱেশপথৰ সন্মুখতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি এক প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষক বৃন্দই কৰা অভিযোগ অনুসৰি বিদ্যালয়খনত যোৱা কেইবাবছৰো ধৰি কেৱল দুজন শিক্ষকে ১৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আহিছে।

জানিব পৰা মতে বিদ্যালয়খন স্থাপন হোৱাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে এগৰাকীও হিন্দী বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰী নাই।

উল্লেখযোগ্য যে বিদ্যালয়গৃহ জৰাজীৰ্ণ হোৱাৰ বাবে বিদ্যালয়খনৰ কাষতে লাগি থকা এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলগীয়া হৈছে। স্থানীয় ৰাইজ, শিক্ষক তথা অভিভাৱকে বিদ্যালয়খনৰ সমস্যা সমূহৰ বিষয়ে শিক্ষাবিভাগক অৱগত কৰাৰ পিছতো বিভাগটোৱে বৰ্তমানলৈকে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।