গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকাবন্ধৰ প্ৰভাৱ : ব্যাহত হৈ পৰিছে যাতায়াত

চকাবন্ধ

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকা বন্ধৰ প্ৰভাৱ পৰিছে। চকা বন্ধৰ ফলত যাতায়াত প্ৰায় ব্যাহত হৈ পৰিছে। ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই চকা বন্ধ কাৰ্যসূচী পালন কৰা হৈছে। মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা চকা বন্ধৰ ফলত ঠায়ে ঠায়ে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে।

জানিব পৰা মতে কোকৰাঝাৰ আৰু গোলাঘাটত চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। গুৱাহাটী মহানগৰতো ২৪ ঘণ্টীয়া চকা বন্ধৰ  প্ৰভাৱ পৰিলক্ষিত হৈছে।

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল আৰু অসমৰ বেচৰকাৰী পথ পৰিবহণ শ্ৰমিকৰ কল্যাণ আইন প্ৰণয়ন কৰাৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি ২৪ ঘন্টীয়া চকা বন্ধ ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

অল ইণ্ডিয়া ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেশ্যনৰ ৰাজ্যিক কমিটি, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ্ছ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ’চিয়েচন আৰু অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে ৰাইজৰ স্বাৰ্থত চকা বন্ধ কৰি ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে মটৰ পৰিবহণ শ্ৰমিক আৰু মালিকসকললৈ আহ্বান জনাইছিল।

তদুপৰি পেট্ৰ’ল- ডিজেলৰ কৰ প্ৰত্যাহাৰ কৰি অতি শীঘ্ৰে মূল্য হ্ৰাস কৰাৰ বাবে পেট্ৰ’ল- ডিজেলকো জি এছ টিৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবৰ বাবে তেওঁলোকে দাবী জনাইছে।

আনহাতে, শ্ৰম বিভাগৰ মন্ত্ৰী পল্লৱলোচন দাসে মটৰ পৰিবহণ শ্ৰমিকৰ পেঞ্চন, চিকিৎসা আৰু ল’ৰা- ছোৱালীৰ শিক্ষা সাহায্যাযুক্ত কৰি শ্ৰমিক আইন প্ৰণয়ন কৰাৰ আশ্বাস দিছিল যদিও বৰ্তমানলৈকে এইক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

যৌথ মঞ্চই লগতে শীঘ্ৰে শ্ৰমিক কল্যাণ আইন প্ৰণয়ন কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনাইছে।