গুৱাহাটীত অনুষ্ঠিত হৈছে উইমেন ইক’নমিক ফ’ৰামৰ আঞ্চলিক সন্মিলন

WEF-570x320

২১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে উইমেন ইক’নমিক ফ’ৰামৰ আঞ্চলিক সন্মিলন।

এই আঞ্চলিক অধিৱেশনখনৰ বিষয়বস্তু হৈছে ‘পীপল, প্লেনেট আৰু প্ৰ’ফিট : এ নৰ্থইষ্ট ইণ্ডিয়া পাৰ্ছপেক্টিভ’। প্ৰায় ৩০০তকৈয়ো অধিক পুৰুষ আৰু মহিলাই এই সন্মিলনত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে।

ফ’ৰামে এই সন্মিলনৰ আয়োজন কৰিছে ভাৱ বিনিময়, সফল উদ্যোগীসকলৰ সৈতে যোগাযোগ, তেওঁলোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু বিশ্বৰ ব্যৱসায় ক্ষেত্ৰত্ৰখনত তেওঁলোকৰ প্ৰভাৱ বৃদ্ধিৰ জৰিয়তে মহিলা সবলীকৰণত অৰিহনা যোগোৱাৰ উদ্দেশ্যে।

বিভিন্ন ক্ষেত্ৰৰ বক্তাসকলে উত্তৰ-পূব ভাৰতৰ ভূ-ৰাজনৈতিক পৰিস্থিতি, সংযোগীকৰণ বিলাস নহয় এক জীৱনৰেখা, উত্তৰ-পূৰ্বাঞ্চলৰ মাতৃতান্ত্ৰিক সমাজ, গ্ৰাম্য অৰ্থনীতিত সত্ৰৰ ভূমিকাৰ দৰে বিষয়ৰ লগতে আৰু অন্যান্য বিষয়ৰ ওপৰত বক্তৱ্য ৰাখিব।

এই সন্মিলনত বিভিন্ন শাখাত প্ৰায় ৭৫ গৰাকী ব্যক্তিলৈ বঁটা আগবঢ়োৱা হ’ব।

অল লেডিজ লীগৰ অসম শাখাৰ অধ্যক্ষা হৈছে অলকানন্দা দাস। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামৰ আদিৰ উদ্যোগী, সমাজ কৰ্মী আৰু নেতাই সন্মিলনখনত উপস্থিত থাকিব।

২০১৫ চনত অল লেডিজ লীগৰ দ্বাৰা উইমেন ইক’নমিক ফ’ৰামৰ জন্ম হৈছিল। অল লেডিজ লীগৰ ১৫০ খন দেশত প্ৰায় ১৫,০০০ সদস্য আছে। উত্তৰ-পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন স্থানত ইয়াৰ শাখা আছে।