NORTHEAST NOW (Assamese)

গুৱাহাটীত নিচাজাতীয় দ্ৰব্যসহ ৰে’লৱে আৰক্ষীৰ জালত পৰিল এজন সৰবৰাহকাৰী

June 13, 2018 12:37 pm · কল্পজ্যোতি শইকীয়া

ক্ৰমশ: নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী ৰেইল’ৱে ষ্টেশ্যন। আজি পুৱা প্ৰায় ৭ মান বজাত গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে ১২৪২৩ নং ৰাজধানী এক্সপ্ৰেছত চলোৱা এক নিয়মীয়া তালাচীৰ সময়ছোৱাত সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰী (মৰফিন) কঢ়িওৱাৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰে।

ৰে’ল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে উত্তৰ প্ৰদেশৰ বৰাবাংকি জিলাৰ বাসিন্দা ইবাদুল হক (৪৫)ক প্ৰায় ৯০০ গ্ৰাম মৰফিনৰ সৈতে এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে। প্ৰাথমিক সোধাপোছাৰ অন্তত ধৃত উত্তৰ প্ৰদেশৰ লোকজনে ৯০০ গ্ৰাম ওজনৰ নিষিদ্ধ দ্ৰব্যখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা কানপুৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে অনা হৈছিল বুলি স্বীকাৰ কৰিছে।

অৱশ্যে পৰৱৰ্তী তদন্তৰ সময়তহে ইয়াৰ আঁৰৰ প্ৰকৃত তথ্য জানিব পৰা হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে বিগত কেইবাধিন ধৰি ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ছোৱাত গাঞ্জা, মৰফিনকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা ঘটনাই নিসন্দেহে গুৱাহাটী যে এনেধৰণৰ অপৰাধমূলক কাৰ্যৰ ঘাটি হৈ পৰিছে সেয়া খাতাং।

Related News