গুৱাহাটীত নেছলে ইণ্ডিয়াৰ বিশ্ব স্বাস্থ্য দিৱস উদ্যাপন
এফ ডি এ অসম আৰু মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগিতাত নেছলে ইণ্ডিয়াই গুৱাহাটীত উদ্যাপন কৰে বিশ্ব স্বাস্থ্য দিৱস। নেছলে ইণ্ডিয়াৰ ‘নেছলে হেলডী কিড্ছ প্ৰগ্ৰেম’ নামৰ কাৰ্যসূচীটোত ৰাজ্যখনৰ প্ৰায় ৫০০০ কিশোৰ-কিশোৰীৰ লগতে ১৫০০ গৰাকী অভিভাৱক উপস্থিত থাকে।
‘নেছলে হেলডী কিড্ছ প্ৰগ্ৰেম’ৰ উদ্দেশ্য হ’ল কিশোৰ-কিশোৰীসকলৰ মাজত প্ৰাথমিক প্ৰয়োজনীয় পুষ্টি, স্বাস্থ্যসন্মত খাদ্য ৰন্ধন, স্বাস্থ্যসন্মত ভোজন, স্বাস্থ্য বিধি, শাৰীৰিক কাৰ্যপলাপ তথা জীৱন-শৈলীৰ ৰোগসমূহৰ বিষয়ে সজাগতা প্ৰদান কৰা।
ইয়াৰ উপৰি ঘৰতে স্বাস্থ্য বিধিসমূহ প্ৰণয়ন কৰাৰ অভ্যাস গঢ়ি তোলাৰ বাবে নেছলেৰ কৰ্তৃপক্ষই অভিভাৱকসকলক পৰামৰ্শ আগবঢ়ায়। শিক্ষাৰ জৰিয়তে শিশুসকলক পুষ্টি আৰু শাৰীৰিক সক্ৰিয়তাৰ গুৰুত্ব সম্পৰ্কে আভাস দিব পাৰি আৰু ক্ৰমে তেওঁলোক ডাঙৰ হৈ অহাৰ লগে লগে এই অভ্যাসসমূহ কিদৰে অব্যাহত ৰাখিব পাৰে সেয়াও ধাৰণা দিব পাৰি।
‘নেছলে হেলডী কিড্ছ প্ৰগ্ৰেম’ৰ অধীনত কিশোৰ-কিশোৰীসকলক ভৱিষ্যতে কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহ’বলৈ স্বাস্থ্যসন্মত জীৱনশৈলী যাপন সন্দৰ্ভত উৎসাহিত কৰা হয়।
নেছলে ইণ্ডিয়াৰ ঔদ্যোগিক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ উপ-অধ্যক্ষ সঞ্জয় খাজুৰিয়াই ব্যক্তব্য প্ৰদান কৰি কয় যে ‘নেছলে হেলডী কিড্ছ প্ৰগ্ৰেম’ কাৰ্যসূচীয়ে ২১খন ৰাজ্যৰ প্ৰায় দুই লাখ হিতাধিকাৰীক স্পৰ্শ কৰিছে আৰু অনাগত দিনসমূহত আমি এই কাৰ্যসূচীৰ জৰিয়তে অধিক শিশু সাঙুৰি লোৱাৰ পৰিপল্পনা কৰিছো।