• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

প্ৰতি ৰাতিপুৱা প্ৰায় ৭ বজাত লেব টেকনিচিয়ান পদুম চুতীয়া নিজৰ মটৰচাইকেলেৰে অসমৰ যোৰহাট জিলাৰ কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়ত উপস্থিত হয়হি।

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
July 25, 2026 8:27 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিটো পুৱা আৰম্ভ হয় টিবি স্ক্ৰীনিঙৰ সৈতে

প্ৰতি ৰাতিপুৱা প্ৰায় ৭ বজাত লেব টেকনিচিয়ান পদুম চুতীয়া নিজৰ মটৰচাইকেলেৰে যোৰহাট জিলাৰ কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়ত উপস্থিত হয়হি। তেওঁ গৈ পোৱালৈকে চাহ বাগিচাৰ শ্ৰমিকৰ এটা দীঘলীয়া শাৰী তেওঁৰ বাবে ৰৈ থাকে। যক্ষ্মা পৰীক্ষাৰ বাবে কফৰ (sputum) নমুনা দিবলৈ নিজৰ পাল অহালৈ অপেক্ষা কৰাৰ সময়ত বহুতেই নিজত মুখখন গামোচাৰে ঢাকি থয়।

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

তেওঁলোকৰ মাজৰেই আছিল “বিনু তাঁতী” (পৰিচয় গোপন ৰাখিবলৈ নাম সলনি কৰা হৈছে), এগৰাকী চাহ বাগিচাৰ শ্ৰমিক, যি ওজন কমা, ভোক লগা কমি যোৱা, সন্ধিয়া জ্বৰ উঠা আৰু কাহৰ লগত তেজ ওলোৱা আদি সমস্যাত ভুগি আছিল – যিবোৰ পালমোনাৰী যক্ষ্মা (pulmonary tuberculosis) ৰোগৰ সাধাৰণ লক্ষণ। কফ পৰীক্ষাৰ পিছত, তেওঁ ঔষধ সংবেদনশীল যক্ষ্মাৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হয়।

Apply Now
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ বিষয়া- কৰ্মচাৰীসকল
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ বিষয়া- কৰ্মচাৰীসকল

ৰাষ্ট্ৰীয় যক্ষ্মা চিকিৎসা প্ৰট’কল অনুসৰি, চিকিৎসকে তেওঁক আইছ’নিয়াজিড, ৰিফামপিচিন, পাইৰাজিনামাইড আৰু ইথামবুটল (HRZE) ক সামৰি ৫৬ দিনৰ বাবে প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা (intensive phase of treatment) আৰম্ভ কৰে। এই প্ৰাথমিক পৰ্যায় সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত আৰু শাৰীৰিক উন্নতি দেখাৰ পিছত, তেওঁক পৰৱৰ্তী পৰ্যায়লৈ স্থানান্তৰিত কৰা হয়, য’ত তেওঁক চিকিৎসকে নিৰ্ধাৰণ কৰা অনুসৰি আইছ’নিয়াজিড, ৰিফামপিচিন আৰু ইথামবুটল (HRE) প্ৰদান কৰা হয়।

চিকিৎসা সম্পূৰ্ণ কৰাৰ পিছত, বিনু সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে। বৰ্তমান তেওঁ সুস্থ আৰু পৰিয়ালৰ সৈতে এক স্বাভাৱিক জীৱন অতিবাহিত কৰি আছে।

সহস্ৰাধিক শ্ৰমিক থকা এখন চাহ বাগিচা

কাকজান চাহ বাগিচা টাটা গ্ৰুপৰ অধীনস্থ এমালগামেটেড প্লান্টেচনছ প্ৰাইভেট লিমিটেড (APPL) ৰ মালিকানাধীন অন্যতম বৃহৎ চাহ বাগিচা।

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

এমালগামেটেড প্লান্টেচনছ ভাৰতৰ দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী। কোম্পানীটোৱে চিটিচি (CTC), অৰ্থডক্স, গ্ৰীণ আৰু অৰ্গেনিক চাহ উৎপাদন কৰে আৰু অসমৰ ২১ খন চাহ বাগিচা আৰু পশ্চিমবঙ্গৰ ডুৱাৰ্ছৰ ৪ খন বাগিচাৰ পৰা বাৰ্ষিক প্ৰায় ৪২ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে। প্ৰতিখন বাগিচাৰ নিজস্ব চাহ উৎপাদন কাৰখানা আছে।

এই কোম্পানীটোত প্ৰায় ৩১,০০০ কৰ্মচাৰী আছে। প্ৰত্যক্ষ সংস্থাপনৰ উপৰিও ই অস্থায়ী আৰু পৰোক্ষ জীৱিকাৰ সুযোগ প্ৰদান কৰে আৰু কেঁচা চাহপাত সংগ্ৰহৰ বাবে বৃহৎ সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কৰ সৈতেও অংশীদাৰিত্ব আছে।

কেন্দ্ৰীয় চিকিৎসালয়ৰ ভিতৰত

বাগিচাৰ ভিতৰত যক্ষ্মা ৰোগ কেনেদৰে নিয়ন্ত্ৰণ কৰা হৈছে সেয়া বুজিবলৈ আমি কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয় পৰিদৰ্শন কৰিছিলোঁ।

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎলায়ৰ ট্ৰুনাট (TrueNat) মলিকিউলাৰ পৰীক্ষণ সুবিধা
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎলায়ৰ ট্ৰুনাট (TrueNat) মলিকিউলাৰ পৰীক্ষণ সুবিধা

জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ লোপা দাসে কয় যে ১৫-২০ বছৰ আগতে টিবিৰ প্ৰাদূৰ্ভাৱ বহুত বেছি আছিল কিন্তু ধাৰাবাহিক সজাগতা অভিযানৰ বাবে ই যথেষ্ট হ্ৰাস পাইছে।তেওঁ কয় “আমি প্ৰতি ১২ ৰ পৰা ১৭ দিনৰ মূৰে মূৰে বাগানৰ লাইনবোৰত সজাগতা শিবিৰৰ আয়োজন কৰো”। বাগান লাইনবোৰ হৈছে চাহ বাগিচাৰ ভিতৰত থকা আৱাসিক শ্ৰমিক কলনী য’ত বহুতো আদিবাসী শ্ৰমিক বাস কৰে।

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎলায়ৰ যক্ষ্মাৰোগৰ বাবে থকা ঔষধৰ সুবিধা
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎলায়ৰ যক্ষ্মাৰোগৰ বাবে থকা ঔষধৰ সুবিধা

চিকিৎসালয়খনে প্ৰতি বছৰে বিশ্ব যক্ষ্মা দিৱসত (২৪ মাৰ্চ) চাহ বাগিচাৰ শ্ৰমিক আৰু যক্ষ্মা ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকসকলক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে বিনিময় কৰিবলৈ আৰু সজাগতা বিয়পাবলৈ আমন্ত্ৰণ জনায়।

প্ৰতিজন ৰোগীৰ নিৰীক্ষণ

দ্ৰুত টিবি নিৰ্ণয়ৰ বাবে চিকিৎসালয়খনে এক নিৰ্দিষ্ট ট্ৰুনাট (TrueNat) মলিকিউলাৰ পৰীক্ষণ সুবিধা ৰাখিছে। লেব টেকনিচিয়ান পদুম চুতীয়াই যোৱা চাৰে চাৰি বছৰ ধৰি সংৰক্ষণ কৰি ৰখা কাকজান সংমণ্ডলৰ যক্ষ্মা ৰোগৰ অভিলেখ আমাক প্ৰদান কৰে।

কাকজান সংমণ্ডলৰ যক্ষ্মা ৰোগৰ অভিলেখ
কাকজান সংমণ্ডলৰ যক্ষ্মা ৰোগৰ অভিলেখ

যক্ষ্মা ৰোগীৰ ৰেকৰ্ড (২০২২–২৩)

মাহ চলিত বৰ্ষ পূৰ্বৱৰ্তী বৰ্ষ
এপ্ৰিল ১ ০
মে’ ১ ০
জুন ২ ০
জুলাই ০ ১
আগষ্ট ২ ৩
ছেপ্টেম্বৰ ০ ২
অক্টোবৰ ০ ৩
নৱেম্বৰ ৮ ০
ডিচেম্বৰ ৮ ০
জানুৱাৰী ৪ ০
ফেব্ৰুৱাৰী ৫ ০
মাৰ্চ ২ ০
মুঠ ৩৩ ৯

যক্ষ্মা ৰোগীৰ ৰেকৰ্ড (২০২৩–২৪)

মাহ চলিত বৰ্ষ পূৰ্বৱৰ্তী বৰ্ষ
এপ্ৰিল ০ ১
মে’ ০ ১
জুন ১ ২
জুলাই ১ ০
আগষ্ট ০ ২
ছেপ্টেম্বৰ ১ ০
অক্টোবৰ ০ ০
নৱেম্বৰ ১ ৮
ডিচেম্বৰ ০ ৮
জানুৱাৰী ১ ৪
ফেব্ৰুৱাৰী ১ ৫
মাৰ্চ ১ ২
মুঠ ৭ ৩৩

যক্ষ্মা ৰোগীৰ ৰেকৰ্ড (২০২৪–২৫)

মাহ চলিত বৰ্ষ পূৰ্বৱৰ্তী বৰ্ষ
এপ্ৰিল ৪ ০
মে’ ৪ ০
জুন ১ ১
জুলাই ১ ১
আগষ্ট ১ ০
ছেপ্টেম্বৰ ১ ১
অক্টোবৰ ০ ০
নৱেম্বৰ ১ ১
ডিচেম্বৰ ০ ০
জানুৱাৰী ২ ১
ফেব্ৰুৱাৰী ১ ১
মাৰ্চ ৬ ১
মুঠ ২২ ৭

যক্ষ্মা ৰোগীৰ ৰেকৰ্ড (২০২৫–২৬)

মাহ চলিত বৰ্ষ পূৰ্বৱৰ্তী বৰ্ষ
এপ্ৰিল ১ ৪
মে’ ৩ ৪
জুন ১ ১
জুলাই ১ ১
আগষ্ট ০ ১
ছেপ্টেম্বৰ ১ ১
অক্টোবৰ ২ ০
নৱেম্বৰ ২ ১
ডিচেম্বৰ ০ ০
জানুৱাৰী ০ ২
ফেব্ৰুৱাৰী ১ ১
মাৰ্চ ০ ৬
মুঠ ১২ ২২

যক্ষ্মা ৰোগীৰ ৰেকৰ্ড (২০২৬–২৭)

মাহ চলিত বৰ্ষ পূৰ্বৱৰ্তী বৰ্ষ
এপ্ৰিল ১ ১
মে’ ০ ৩
জুন ০ ১
জুলাই — ১
আগষ্ট — ০
ছেপ্টেম্বৰ — ১
অক্টোবৰ — ২
নৱেম্বৰ — ২
ডিচেম্বৰ — ০
জানুৱাৰী — ০
ফেব্ৰুৱাৰী — ১
মাৰ্চ — ০
মুঠ (এপ্ৰিল–জুন) ১ ৫
পূৰ্বৱৰ্তী বৰ্ষৰ মুঠ — ১২

টোকা: ২০২৬-২৭ বৰ্ষৰ তথ্য কেৱল জুন মাহলৈকেহে উপলব্ধ, সেয়েহে ‘চলিত বৰ্ষ’ৰ মুঠ তথ্য কেৱল এপ্ৰিল-জুনৰ বাবেহে।

পূৰ্বতে, কাকজান চাহ বাগিচাৰ পুৰণা লাইনক (Purona Line) এটা টিবি হটস্পট বুলি গণ্য কৰা হৈছিল। চিকিৎসালয় কৰ্তৃপক্ষই জনাই যে সঘন পৰিদৰ্শন, সজাগতা অভিযান, আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসা পৰিস্থিতি আগৰ তুলনাত যথেষ্ট উন্নত হৈছে।

আগতীয়া চিনাক্তকৰণেই আটাইতকৈ ডাঙৰ আহিলা

স্বাস্থ্য কৰ্মীসকলে দুসপ্তাহতকৈ অধিক সময় ধৰি একেৰাহে কাহ, ওজন কমা, জ্বৰ, ৰাতি ঘাম ওলোৱা বা কাহৰ লগত তেজ ওলোৱা যিকোনো ব্যক্তিক লগে লগে কফ পৰীক্ষা কৰিবলৈ উৎসাহিত কৰে। নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শন, সাম্প্ৰদায়িক সজাগতা, পৰীক্ষণ আৰু নিৰৱচ্ছিন্ন চিকিৎসাৰ সমাহাৰে কাকজান চাহ বাগিচাৰ কাকজান সংমণ্ডলত টিবি নিয়ন্ত্ৰণ ব্যৱস্থা সুদৃঢ় কৰিছে।

(এই প্ৰতিবেদন ৰীচ্চ মিডিয়া ফেল’শ্বীপ ২০২৫-২৬ৰ অধীনত প্ৰকাশ কৰা হৈছে।)

 

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd