গুৱাহাটীত নৱবর্ষ উদযাপনৰ সময়ছোৱাৰ বাবে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত নাগৰিকসকলৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰিছে।

সৰ্বসাধাৰণ নাগৰিকৰ লগতে সংশ্লিষ্ট পক্ষলৈ জাৰি কৰা এক জাননীত কোৱা হৈছে যে ৩১ ডিচেম্বৰৰ নিশা ১২:৩০ বজাৰ পিছত কোনো ধৰণৰ নৱবৰ্ষ উদযাপন অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।

বিশেষ অনুমতিৰ প্ৰয়োজন হোৱা নৱবৰ্ষ উদযাপন অনুষ্ঠান অনুষ্ঠিত কৰিব বিচৰা যিকোনো চৌহদৰ বাবে তেওঁলোকে আৰক্ষী আয়ুক্তৰ পৰা আপত্তিহীন প্ৰমাণ পত্ৰ লোৱাৰ লগতে জিলা প্ৰশাসনৰ (আৱকাৰী শাখা) পৰাও অনুমতি ল’ব লাগিব।

সুৰা ব্যৱহাৰৰ প্ৰতি আগ্ৰহীসকলে অস্থায়ী অনুজ্ঞাপত্ৰৰ বাবে এদিনৰ বাবে অস্থায়ী অনুজ্ঞাপত্ৰৰ  বিশেষ অনুমতি বিচাৰি আবেদনপত্ৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব। এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হৈছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ সকীয়নি দি জনসাধাৰণক সুৰাপান কৰি আনক গাড়ী চলোৱাতো উৎসাহ নিদিবলৈ আহ্বান জনাইছে।

নিৰ্দেশনাত সকলো বাৰ আৰু ৰেষ্টুৰেন্টতে ভিতৰ আৰু বাহিৰৰ দুয়োফালে চিচিটিভি লগোৱাটো বাধ্যতামূলক কৰি যাতে কোনো আন্ধাৰ অংশ থাকি নাযায় তাক নিশ্চিত কৰিবলৈ কোৱা হৈছে।

বাৰ আৰু ৰেষ্টুৰেন্টৰ মালিকসকলক সকলো বাৰ আৰু ৰেষ্টুৰেন্টৰ চৌপাশত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বাৰ তথা ৰেষ্টুৰেন্টলৈ অহা-যোৱা কৰা পথছোৱা সঠিকভাৱে মুকলি ৰাখি পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। মহানগৰীৰ বাৰ তথা ৰেষ্টুৰেন্টসমূহৰ কৰ্তৃপক্ষক লগতে বিদ্যুৎ যোগান অবিহনে পাৱাৰ বেক আপ সাজু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে সংশ্লিষ্ট ৰেষ্টুৰেন্টসমূহত পৰিৱেশন কৰা খাদ্যসমূহত খাদ্য সুৰক্ষাৰ নিয়ম অনুসৰণ কৰি ইয়াৰ গুণ আৰু মানদণ্ড ৰক্ষা কৰিব লাগিব। সকলো বাৰ তথা ৰেষ্টুৰেন্টে তেওঁলোকৰ চৌহদসমূহত পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব।

বাৰ আৰু ৰেষ্টুৰেন্টৰ ব্যৱস্থাপকসকলক তেওঁলোকৰ চৌহদত প্ৰৱেশ কৰা সকলো লোকৰে বয়স আৰু পৰিচয় পৰীক্ষা কৰি চাবলৈ কোৱা হৈছে।

তদুপৰি, কামৰূপ মহানগৰ জিলা প্ৰশাসনে আচম্বিত পৰিদৰ্শনৰ বাবে  জিলা প্ৰশাসন, আৰক্ষী, স্বাস্থ্য, পৰিবহন আৰু আৱকাৰী বিভাগৰ বিষয়াক সামৰি লৈ এটা যৌথ দল গঠন কৰিছে।

আনুষ্ঠানিক এই বিবৃতিটোত লগতে স্পষ্ট কৰি দিয়া হৈছে যে এই  নিৰ্দেশনাসমূহ পালন নকৰিলে অনুজ্ঞাপত্ৰ সাময়িকভাৱে নিলম্বিত কৰি ৰখা বা বাতিলো কৰা হ’ব পাৰে।