গুৱাহাটীৰ মালিগাঁৱত দীনবন্ধু কলিতা নামৰ এজন গৃহৰক্ষী জোৱানে মটৰ চাইকেলত গৈ থকা ললিত চন্দ্ৰ ভৰালী কলেজ ( LCB College )ৰ ছাত্ৰী এগৰাকীক পিছফালৰ পৰা মাৰি মূৰ ফালি দিয়াক লৈ আজি ১১ মে’ত এ’ টি ৰ’ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আহত ছাত্ৰীগৰাকীক পৰিয়ালৰ লোকে আহি হাস্পতালত ভৰ্তি কৰিছে।
অভিযোগ অনুসৰি মহানগৰীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি এজন বন্ধুৰ লগত বাইকেৰে গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচীৰ সন্মুখীন হয়। সেইসময়ত হেলমেট পিন্ধি থকা নাছিল বাইক আৰোহী যুৱকজনে। আৰক্ষীয়ে যুৱকজনক বাইক ৰখাবলৈ নিৰ্দেশ দিছিল যদিও তেওঁ সেই স্থানৰ পৰা আতঁৰি যোৱাৰ চেষ্টা চলায়। তেতিয়া দীনবন্ধু কলিতা নামৰ জালুকবাৰী আৰক্ষীৰ গৃহৰক্ষী জোৱান এজনে পিছফালৰ পৰা প্ৰহাৰ কৰাত বাইকত বহি যোৱা ছাত্ৰীগৰাকীৰ মূৰ ফাটি যায়।
খবৰ পাই ঘটনাস্থলীত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ গৃহৰক্ষী জোৱান দীনবন্ধু কলিতাক গ্ৰেপ্তাৰ আৰু চাকৰিৰ পৰা নিলম্বিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ললিত ভৰালী কলেজৰ ছাত্ৰ একতা সভাই এখন এজাহাৰ দাখিল কৰে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে কিছুসময়ৰ বাবে এ’ টি ৰ’ড অৱৰোধ কৰি ৰাখে। পাছত প্ৰতিবাদস্থলীত জালুকবাৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত পনজিৎ দুৱৰা উপস্থিত হৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সামৰে।