• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 17, 2025 8:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, সম্পাদক দেবাংগ সৌৰভ গগৈ আৰু মুখপাত্র নৱদ্বীপ বৰপাত্ৰগোঁহাইয়ে জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি চৰকাৰখনে শেহতীয়াকৈ উপর্যুপৰি উচ্ছেদ চলাই পুঁজিপতিৰ হাতত অসমৰ ভূমি, সম্পদ গতাই দিয়াৰ এক ষড়যন্ত্ৰ ৰচিছে বুলি দাবী কৰে।

সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয়, যোৱা কিছুদিন ধৰি বিশেষকৈ নামনি অসমৰ গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰত মূলতঃ সংখ্যালঘু বসতিপ্রধান অঞ্চলত ‘বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ’ৰ নাম দি এখন নাটক ৰচনা কৰা হৈছে আৰু ‘বাংলাদেশী উচ্ছেদ’ শব্দটো ঢাল হিচাপে ব্যৱহাৰ কৰি ৰাজনৈতিক মুনাফা ল’ব খুজিছে বিজেপি চৰকাৰে। তেওঁ কয়, এই উচ্ছেদ কোনো, আইনগত কাৰণত নহয়, বৰঞ্চ দখলদাৰী কায়দাৰে আদানী, আম্বানীৰ দৰে বৃহৎ বণিক গোষ্ঠীৰ বাবে অসমত ঔপনিবেশিক বাট মুকলি কৰি দিয়া হৈছে। আহে। এই কথাই প্রতিপন্ন কৰে যে BJP দলে কোৱা জাতি-মাটি-ভেটিৰ শ্লোগান এক চূড়ান্ত মিথ্যাচাৰ আৰু BJP দল জনজাতি বিৰোধী। এই জনজাতীয় লোকসকলৰ প্রতিবাদে BJP চৰকাৰক বাৰুকৈয়ে শ’লঠেকত পেলাইছিল আৰু সেই কাৰণে উচ্ছেদৰ ক্ষেত্ৰত এতিয়া সংখ্যালঘু অঞ্চলক লক্ষ্য কৰি লৈছে, যাতে থলুৱা জনজাতীয় লোকে মাটিৰ অধিকাৰকলৈ ৰাজপথত কৰা প্ৰতিবাদে দখল কৰা সংবাদ শিৰোণামক পৰিকল্পিতভাবে আঁতৰাই তাক বাংলাদেশী উচ্ছেদৰ নাম দিব পাৰি। আৰু যিটো কৰিলে চৰকাৰখনৰ ৰাজনৈতিকভাৱে লাভহয়, আৰু একে সময়তে বৃহৎ কর্প’ৰেট গোষ্ঠীক হাজাৰ হাজাৰ বিঘা মাটি দি উপনিবেশ গঢ়ি তোলাৰ প্রক্রিয়া অব্যাহত ৰাখিব পাৰে এইটোৱেই চৰকাৰখনৰ নেপথ্যৰ আচল ঘটনা।

Apply Now

সাধাৰণ সম্পাদকগৰাকীয়ে বিতংভাৱে তথ্যখিনি দাঙি ধৰি কয় যে জনজাতীয় বসতিপ্রধান কার্বি আংলংত Azure চ’লাৰ পাৱাৰক ২৭৩ বিঘা মাটি হস্তান্তৰ কৰা হৈছিল, বোকাজানৰ লাহৰিজানত ১৭,৮০০ বিঘা মাটি চ’লাৰ পাৰ্কৰ নামত হস্তান্তৰ প্রক্রিয়া সম্পাদন কৰা হৈছে, ১২,০০০ বিঘা মাটি ৰিলায়েন্সক দিবলৈ ওলাইছে। ৰামপুৰৰ দৰাবিলত বিলৰ মাটি ১৫০ বৃহৎ উদ্যোগপতিক দিয়াৰ ব্যৱস্থা কৰিছে। চেটেলাইট টাউনশ্বিপৰ নামত ৰাভা হাচং এলেকাৰ পলাশবাৰী আৰু বৰদোৱা অঞ্চলত ৪,৫০০ বিঘা মাটি, ঠিক তেনেদৰে গোলাঘাটত পাম অইলৰ নাৰ্ছাৰীৰ নামত ৭৫ বিঘা মাটি দিবলৈ লৈছে। আদানী পাৱাৰ প্লান্টৰ নামত জনগোষ্ঠীয় লোকে বসবাস কৰা পৰ্বতঝোৰা আৰু বাসবাৰী অঞ্চলত ৩,৫৬৪ বিঘা মাটি দিবলৈ ওলাইছে। জনগোষ্ঠীয় লোকে বসবাস কৰা অঞ্চলত মুঠতে ৫০,৮৩৭ বিঘা মাটি উচ্ছেদ কৰি অধিগ্রহণ কৰিবলৈ ওলাইছে। হুছেইনে কয় যে এই বৃহৎ পৰিমাণৰ ৫০,৮৩৭ বিঘা মাটি খিলঞ্জীয়া ভূমিপুত্রক উচ্ছেদ কৰি অধিগ্রহণ কৰিব খোজা ঘটনাটোক ঢাকি ৰাখিবৰ বাবেই বাংলাদেশী বুলি কৈ সংখ্যালঘুক কৰা উচ্ছেদক ঢাল হিচাপে ব্যৱহাৰ কৰি BJP চৰকাৰে ৰাজপথত উচ্ছেদৰ সমৰ্থনত সমদল বাহিৰ কৰিছে। আনহাতে, সংখ্যালঘু প্রধান গোৱালপাৰাৰ হাঁচিলা বিলত ১,৪৮৫ বিঘা মাটি, পাইকানত ১,০২০ বিঘা মাটি, চাপৰত পাৱাৰ প্লেণ্টৰ নামত ৩,৪০০ বিঘা মাটি আদানীক দিবলৈ ব্যৱস্থা গ্রহণ কৰিছে। সংখ্যালঘু এলেকাত মুঠ ৬,৫০০ বিঘা মাটি উচ্ছেদ কৰি বৃহৎ পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ বিপৰীতে খিলঞ্জীয়া ভূমিপুত্র বসতি প্রধান এলেকাত মুঠ ৫০,৮৩৭ বিঘা মাটি উচ্ছেদ কৰি বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ হাতত গতাব বিচাৰিছে।

সাধাৰণ সম্পাদক হুছেইনে Geological Survey of India ই যোৱা জুন মাহৰ Handbook ত প্ৰকাশ কৰা এক গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰি কয় যে উত্তৰ-পূৱত প্ৰথমবাৰৰ বাবে ধুবুৰীৰ ছন্দটিঙা অঞ্চলত ১,০০,৪২,০০৯ লো-oxaide পোৱা গৈছে। একেদৰে ডিমা হাছাওত প্রায় ১,৫০০ মিলিয়ন টন চুনশিল পোৱা গৈছে, কাৰ্বি আংলঙত ২.৮ কোটি টন চাইনাইট, নগাঁওত ৪০ লাখ টন ছিলিকা বালি আদি মূল্যবান খনিজ পদার্থ পোৱা গৈছে। ইমান বৃহৎ পৰিমাণৰ খনিজ সম্পদৰ ওপৰত এতিয়া বহিৰাগত পুঁজিপতি বণিকগোষ্ঠীৰ শেনচকু পৰিছে আৰু তেওঁলোকক ৰঙাদলিছা পাৰি দিছে পুঁজিপতিৰ চৰকাৰখনে। উল্লেখ্য যে যোৱা সময়চোৱাত ৰাভা-হাছং, বিটিএডি, কার্বি আংলং, ডিমা হাছাওকে ধৰি অসমৰ বিভিন্ন জনগোষ্ঠীয় বসতিপ্রধান অঞ্চলত চলোৱা উচ্ছেদৰ সময়ত জনগোষ্ঠীয় লোকসকলে ৰাজপথলৈ প্রতিবাদ কৰিবলৈ ওলাই মুঠতে জাতি-মাটি-ভেটিৰ শ্লোগান দিয়া BJP চৰকাৰখনে এই বিষয়টো ঢাকি ৰাখিবৰ বাবে এই ৬,৫০০ বিঘাত সংখ্যালঘু লোকক চলোৱা অমানৱীয় উচ্ছেদক ‘বাংলাদেশী’ক উচ্ছেদ চলোৱা বুলি প্রচাৰেৰে মেৰু বিভাজন কৰি ৰাজনৈতিক মুনাফা লভাৰ লগতে খিলঞ্জীয়াৰ ভূমি বৃহৎ পুঁজিপতিক গতাই দিয়াৰ বিষয়টো ঢাকি ৰাখিছে। এতিয়া পাম খেতিৰ বাবে আদানী গ্ৰুপক বিজেপি চৰকাৰে মিছিং বসতি প্রধান ধেমাজি আৰু লখিমপুৰতো মাটি হস্তান্তৰ কৰিবলৈ ওলাইছে। উন্নয়নৰ নামত শিলসাঁকোত ১.২০০ পৰিয়াল উচ্ছেদ কৰা, আমচাঙত ১০০০ পৰিয়ালক উচ্ছেদ কৰা হ’ল। উচ্ছেদৰ নামত BJP য়ে যিমানেই হিন্দু-মুছলমান, বাংলাদেশী বুলি কৈ নাথাকক যেতিয়ালৈকে এই চৰকাৰখনে NRC ৰ ভুল ত্রুটিবোৰ আতঁৰাই প্রযোজ্য কৰি বিদেশীক চিনাক্তকৰণ কৰি বিতাৰণ নকৰে, বিদেশী সংস্থাপনৰ বাট মুকলি কৰা ‘কা’ আইন যেতিয়ালৈকে উঠাই নলয় আৰু বৈধ ভাৰতীয় অসমবাসীক ৬ নং দফাৰ অধীনত প্ৰকৃত ভাৰতীয় অসমীয়াৰ ৰক্ষাকৱচৰ ব্যৱস্থা প্রয়োগ নকৰে, তেতিয়ালৈকে এটা কথা স্পষ্ট যে এইখন চৰকাৰক আগন্তুক দিনত এখন প্ৰতাৰকৰ চৰকাৰ বুলি গণ্য কৰা হ’ব। হুছেইনে কয় বিজেপি চৰকাৰৰ তেওঁলোকৰ আচল উদ্দেশ্য অসমৰ মাটি বৃহৎ পুঁজিপতিক গতাই দি এখন কৰ্প’ৰেট উপনিবেশ গঢ়ি তোলা।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd