দেশত বৃদ্ধি পাইছে উচ্চ শিক্ষাৰ সুবিধা। নতুন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু কেম্পাছ নিৰ্মাণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বাঢ়িছে। কিন্তু সেই অনুপাতত শিক্ষকৰ সংখ্যা বৃদ্ধি হোৱা নাই। ফলত উচ্চ শিক্ষানুষ্ঠানসমূহত শিক্ষকৰ সংকট ক্ৰমান্বয়ে সমস্যাত পৰিণত হৈছে। দেশৰ উচ্চ শিক্ষা খণ্ডৰ এই পৰিস্থিতিৰ ওপৰত শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদে (EAC-PM) এক গৱেষণা পত্ৰত আলোকপাত কৰিছে।
গৱেষণা পত্ৰখনৰ মতে, ২০১৪-১৫ৰ পৰা ২০২৩-২৪ শিক্ষাবৰ্ষৰ ভিতৰত দেশত উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩.৪২ কোটিৰ পৰা ৪.৫ কোটিলৈ বৃদ্ধি পাইছে। অৰ্থাৎ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩১.৫ শতাংশ বৃদ্ধি পাইছে।
আনহাতে, একে সময়ছোৱাত শিক্ষকৰ সংখ্যা ১৪.৭৩ লাখৰ পৰা ১৭.৩২ লাখলৈ বৃদ্ধি পাইছে। বৃদ্ধিৰ হাৰ মাত্ৰ ১৭.৬ শতাংশ। ফলত ছাত্ৰ-শিক্ষকৰ অনুপাতো বৃদ্ধি পাইছে। ২০১৪-১৫ চনত প্ৰতি ২৩ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছিল, ২০২৩-২৪ চনত এই সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছিল।
শিক্ষকৰ সংকট কেৱল সৰু বা কম পৰিচিত মহাবিদ্যালয়ৰ সমস্যা নহয়। দেশৰ প্রধান শিক্ষা আৰু গৱেষণা প্রতিষ্ঠানসমূহতো বহু শিক্ষক পদ খালী হৈ আছে৷ গৱেষণা পত্ৰখনত ২০২৩ চনৰ মাৰ্চ মাহৰ তথ্যৰ উদ্ধৃতি দি এই পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছে।
তথ্য অনুসৰি সেই সময়ত আই আই টি (ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি)ত অনুমোদিত ১১,২৯২টা শিক্ষক পদৰ ভিতৰত ৪,৪১৫টা খালী আছিল। অৰ্থাৎ খালী পদৰ হাৰ আছিল ৩৯ শতাংশ। আই আই এম (ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট)ত ১৫৭০টা পদৰ ভিতৰত ৪৮৪টা আৰু এন আই টি (নেচনেল ইনষ্টিটিউট অৱ টেকন’লজি)ত ৭৪৮৩টা পদৰ ভিতৰত ২২০৬টা পদ খালী হৈ আছিল। এই দুটা ক্ষেত্ৰত খালী পদৰ হাৰ ক্ৰমে ৩১ আৰু ২৯ শতাংশ।
ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি)ৰ পৰিস্থিতি আৰু অধিক চিন্তনীয়। অনুমোদিত ১৩১৫টা পদৰ ভিতৰত ৭০৫টা পদ খালী। অৰ্থাৎ খালী পদৰ হাৰ আছিল ৫৪ শতাংশ।
আনহাতে ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (আই আই এছ ই আৰ)ত ৭৩৫টা পদৰ ভিতৰত ৫২টা পদ খালী হৈ আছিল। এই ক্ষেত্ৰত খালী পদৰ হাৰ আছিল ৭ শতাংশ।
গৱেষণা পত্ৰখনত কোৱা হৈছে যে উচ্চ শিক্ষাৰ আন্তঃগাঁথনি বৃদ্ধি কৰাটো নিশ্চিতভাৱে প্ৰয়োজনীয়। কিন্তু কেৱল নতুন অট্টালিকা বা কেম্পাছ নিৰ্মাণ কৰিলে শিক্ষাৰ মান উন্নত নহয়। তাৰ বাবে পৰ্যাপ্ত শিক্ষক, উন্নত পৰীক্ষাগাৰ আৰু প্ৰয়োজনীয় পাঠদানৰ আন্তঃগাঁথনি থকাটোও গুৰুত্বপূৰ্ণ।
গৱেষকসকলৰ মতে, নতুন শিক্ষানুষ্ঠান বা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি দিয়াৰ পূৰ্বে সংশ্লিষ্ট বিষয়টোত পৰ্যাপ্ত শিক্ষক আছে নে নাই পৰীক্ষা কৰাটো প্ৰয়োজনীয়। এনে ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়েই শিক্ষক নিয়োগ আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি সৃষ্টিত গুৰুত্ব দিব লাগে।





