গুৱাহাটীত মঞ্চস্থ হ’ব অৰুণ শৰ্মাৰ নাট ‘আহাৰ’

19-02-18-Guwahati-Aahaar-by-kopil-n-zerifa-1-570x320

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত বক্তৱ্য ৰখাৰ মুহূৰ্তত অভিনেতা কপিল বৰা, জেৰিফা ৱাহিদ আৰু পৰিচালক অবিনাশ শৰ্মা। ফটো: ইউবি ফটোছ

বিশিষ্ট নাট্যকাৰ প্ৰয়াত অৰুণ শৰ্মাৰ কালজয়ী নাট ‘আহাৰ’ অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ’ব।

অৰুণ শৰ্মাৰ এই ‘আহাৰ’ নাটকখনক অসমীয়া সাহিত্যৰ ইতিহাসত প্ৰথমখন উদ্ভট নাটক (absurd play) হিচাপে অভিহিত কৰা হয়।

ষাঠিৰ দশকৰ মাজভাগত ৰচনা কৰা ‘আহাৰ’ নাটকখনত এগৰাকী মহিলা নায়িকাৰ চৰিত্ৰ আছে যি পাঁচটা ভিন্ন চৰিত্ৰক প্ৰতিনিধিত্ব কৰিছে। এইটোৱে এই নাটকখনৰ আটাইতকৈ আকৰ্ষণীয় দিশ হিচাপে বিবেচিত হৈ আহিছে।

অসমীয়া নাটকক আগবঢ়াই নিয়াই লক্ষ্যৰে জনপ্ৰিয় অসমীয়া অভিনেতা কপিল বৰা আৰু আন অভিনয় শিল্পীয়ে লগ লাগি গঠন কৰা প্ৰডাকশ্যন হাউছ কপিল বৰা এণ্ড কোম্পানীৰ সদস্যসকলে এই ‘আহাৰ’ নাটখন মঞ্চস্থ কৰাৰ দিহা কৰিছে।

নাট্যকাৰ প্ৰয়াত অৰুণ শৰ্মা

নাটখন দুয়োদিনাই আবেলি ৪ বজাৰ পৰা মঞ্চস্থ কৰা হ’ব আৰু নাটখন পৰিচালনা কৰিব সুপৰিচিত পৰিচালক অবিনাশ শৰ্মাই। ইয়াৰ আগেয়ে শৰ্মাই অৰুণ শৰ্মা ৰচিত আন সাতখন নাট পৰিচালনা কৰিছে।

জনপ্ৰিয় অসমীয়া অভিনেত্ৰী জেৰিফা ৱাহিদে নাটকখনৰ মূল মহিলা চৰিত্ৰটো ৰূপায়ন কৰিব।

‘’একেখন নাটকতে পাঁচটা ভিন্ন চৰিত্ৰ ৰূপায়ন কৰাটো জীৱনৰ এক সুকীয়া অভিজ্ঞতা। প্ৰতিগৰাকী শিল্পীৰে এনেধৰণৰ চৰিত্ৰ ৰূপায়ন কৰাৰ হেপাহ থাকে।মই এই সুযোগ লাভ কৰি নিজকে ভাগ্যৱান বুলি ভাৱিছো,’’-সংবাদ মাধ্যমলৈ দিয়া এক বিবৃতিত ৱাহিদাই এইদৰে কয়।

কপিল বৰা, ৰঞ্জুল বৰুৱা, সুৰুজ কলিতা আৰু পাৰ্থ কলিতাই নাটকখনত থকা মূল পুৰুষ চৰিত্ৰ কেইটাত অভিনয় কৰিব।

ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত মঞ্চস্থ হ’বলগীয়া নাটখন উদ্বোধন কৰিব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই।