গুৱাহাটীত সংবাদমেল দি এন আৰ চিক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা সৰ্ব ভাৰতীয় মুছলিম যুৱ লীগৰ ৰাষ্ট্ৰীয় সভাপতিৰ

এন আৰ চি বিষয়ত দিচপুৰ প্ৰেছ ক্লাবত সৰ্ব ভাৰতীয় মুছলিম যুৱ লীগৰ সংবাদমেল।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই একাংশ ৰাজনীতিকে তোলপাৰ লগাই আছে দেশৰ ৰাজনীতিত। যি সময়ত এন আৰ চিক অসমৰ সৰ্বসাধাৰণ ৰাইজে গ্ৰহণ কৰাৰ বাবে প্ৰায় সাজু হৈছে, তেনে সময়তে বহিঃৰাজ্যৰ দল-সংগঠন, ৰাজনীতিকে ইয়াক লৈ নামি পৰিছে কূটিল ৰাজনীতিত।

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে দেশৰ সংসদৰ মজিয়াত আন ৰাজ্যৰ একাংশ সাংসদে এন আৰ চিক লৈ বিতৰ্ক অব্যহত ৰখাৰ সময়তে আজি ৩ আগষ্টত গুৱাহাটীৰ দিচপুৰ প্ৰেচ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এন আৰ চিক লৈ আপত্তিজনক মন্তব্য কৰে সৰ্ব ভাৰতীয় মুছলিম যুৱ লীগ নামৰ এক অখ্যাত ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় সভাপতি চবিৰ এচ ঘাফৰে।

এন আৰ চিৰ সদ্যপ্ৰকাশিত চূড়ান্ত খচৰাখনক লৈ সন্দেহ প্ৰকাশ কৰি বহিঃৰাজ্যৰ পৰা অহা এই নেতাজনে কয়, “এন আৰ চিৰ দ্বিতীয়খন খচৰা ৰাজনৈতিক কু-চক্ৰান্তৰে পৰিপূৰ্ণ। ইয়াৰ জৰিয়তে বৃহৎ সংখ্যক ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে।”

ইয়াৰ উপৰি, এন আৰ চিৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপিয়ে সংখ্যালঘু আৰু দলিতসকলৰ মাজত শংকাৰ সৃষ্টি কৰাৰো চেষ্টা চলাই আছে বুলি চবিৰ এছ ঘাফৰে মন্তব্য কৰে।

“অসমত মানৱতাৰ দুৰ্যোগৰ সৃষ্টি হ’বলৈ গৈ আছে। ইয়াৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতেও বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ অৱসান হোৱৰ শংকা আছে।”, চবিৰ এচ ঘাফৰে কয়।

সংবাদমেলত দলটোৰ ৰাষ্ট্ৰীয় উপসভাপতি আছিফ আনচাৰিয়ে কয়, “দ্বিতীয়খন খচৰাত নাম বাদ পৰা ৪০ লাখ লোকক বিদেশী বুলি প্ৰচাৰ চলাই থকা হৈছে। তেওঁলোকৰ মনত ভয় ভাৱ সুমুৱাই দিয়া হৈছে।”

অসমৰ সমাজৰ বিষয়ে প্ৰাথমিক জ্ঞানো নথকা এই বহিঃৰাজ্যৰ নেতাকেইজনে ‘এন আৰ চিক ৰাজনৈতিকভাৱে প্ৰভাৱান্বিত কৰি অসমৰ সমাজত বিভাজনৰ ৰাজনীতি কৰিব বিচৰা হৈছে’ বুলি মন্তব্য কৰাৰ সমান্তৰালকৈ তেওঁলোকৰ সৈতে সহযোগ আগ বঢ়াইছে মুছলিম ছাত্ৰ ফেডাৰেইশ্যন, অসমৰ ৰাজ্যিক সভাপতি মহম্মদ হুছেইন ৰাজাকে ধৰি অসমৰ কেইজনমান ধৰ্মীয় সংখ্যালঘু নেতাই।

আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক প্ৰকাৰন্তে বিসংগতিপূৰ্ণ বুলি ক’ব বিচৰা পৰিলক্ষিত হ’ল। ইপিনে চূড়ান্ত খচৰাখনত নাম বাদ পৰা লোকসকলে ওজৰ-আপত্তিৰ সকলো ব্যৱস্থা থকাৰ পাছতো ইয়াক লৈয়ো অসন্তোষ প্ৰকাশ কৰি সমগ্ৰ দলটোৰ নেতাকেইজনে বিষয়টোক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰাহে দেখা গ’ল।

ইপিনে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নবাণত থৰকাছুটি হেৰুৱাই পেলায় নেতাকেইজন। ফলত তাৎক্ষণিকভাৱে সংবাদমেলৰ স্থান ত্যাগ কৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতাকেইজনে।

ইয়াৰ পাছতেই দলটেৰ অসমৰ নেতা কেইজনে তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতাকেইজনে অসমৰ পৰিস্থিতি সম্পৰ্কে অৱগত নোহোৱাকৈয়ে মন্তব্য কৰা বুলি স্বীকাৰ কৰে।