গুৱাহাটীত ২৪-২৫ জুনত অনুষ্ঠিত হ’ব ‘ফেমিনা নৰ্থ-ইষ্ট ডিভা’ৰ অডিশ্যন

images

প্ৰতিনিধিত্বমূলক ফটো

উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ যুৱ প্ৰতিভাক উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে চতুৰ্থবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰিছে ‘ফেমিনা নৰ্থ-ইষ্ট ডিভা’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাৰ।

অহা ২৪ আৰু ২৫ জুনত গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত এই সৌন্দৰ্য প্ৰতিযোগিতাখনৰ অডিশ্যন অনুষ্ঠিত হ’ব।

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই মঙলবাৰে তাজ ভিভান্তাত এখন সংবাদমেল আয়োজন কৰি এই কথা জানিবলৈ দিয়ে।

সংবাদমেলত তেওঁ লগতে কয়- ‘বিগত বৰ্ষৰ ফেমিনা নৰ্থ-ইষ্ট ডিভাৰ বিজয়ী পেডেন অংগমু নামগিয়েলে ‘য়ামাহা ফেশ্যন’ মিছ ডিভা’ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ আপ হৈ পোলেণ্ডত অনুষ্ঠিত ‘মিছ ছুপাৰনেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ফেশ্যন জগতত নৰ্থ–ইষ্ট ডিভাৰ গৰিমাক অন্য মাত্ৰা প্ৰদান কৰিছে। এইবাৰো নৰ্থ–ইষ্ট ডিভাৰ বিজয়ী প্ৰতিযোগিগৰাকীয়ে মিছ ইণ্ডিয়াৰ অন্তৰ্গত ‘য়ামাহা ফেশ্বিন’ মিছ ডিভাৰ প্ৰথম ২০গৰাকী প্ৰতিযোগিৰ লগত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিব’।

উল্লেখ্য যে ‘ফেমিনা নৰ্থ-ইষ্ট ডিভা’ৰ বিজয়ী প্ৰতিযোগিগৰাকীক দেশৰ বিখ্যাত ফেশ্যন পটীয়সী তথা ৰেম্প ৱাক প্ৰশিক্ষক অঞ্জলি ৰাউটে প্ৰশিক্ষণ প্ৰদান কৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো নৰ্থ –ইষ্ট ডিভাৰ সঞ্চালনা কৰিব ছাই কালৰাই। গ্ৰেণ্ড ফিনালে অনুষ্ঠান পৰিচালনা কৰিব চেলিব্ৰেটি এংকৰ শচীন কুম্ভাৰে।

সংবাদমেলত উপস্থিত থাকি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইনে কয় যে, নৰ্থ–ইষ্ট ডিভা কেৱল সৌন্দৰ্য প্ৰতিযোগিতাই নহয়, এয়া হ’ল উত্তৰ-পূবৰ প্ৰতিভাশালী যুৱতীসকলৰ কেৰিয়াৰৰ অন্য এক সম্ভাৱনাৰ পথ। নৰ্থ –ইষ্ট ডিভাৰ জৰিয়তে এইবাৰ অৰুণাচল প্ৰদেশৰ বিশিষ্ট ডিজাইনাৰ য়ানা এনগবা চাকপুৱে অসম বিখ্যাত মুগাৰ বিশেষ প্ৰদৰ্শনী প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে।

ইফালে ফেমিনা নৰ্থ–ইষ্ট ডিভা-২০১৮ত অংশগ্ৰহণৰ বাবে বৰ্তমান নাম পঞ্জীয়ন হৈ আছে বুলিও সংবাদমেলতে প্ৰকাশ কৰে। আগ্ৰহী প্ৰতিযোগিসকলে ২৪ আৰু ২৫ জুনত হ’বলগীয়া অডিশ্যনৰ পূৰ্বে নাম পঞ্জীয়ন কৰিব পাৰিব।