গুৱাহাটীত ৪ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীত চোৰাং ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধিৰ ফলত নিতৌ ন ন ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত এনে বহু সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ঠিক একেদৰে কালি গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ পানবজাৰ আৰু চানমাৰী আৰক্ষী থানাৰ যৌথ অভিযানত ২ নং ৰেইল গেটৰ পৰা ৪ জনকৈ ড্ৰাগচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোক কেইজন ক্ৰমে মমীৰান বেগম(২২), পাপ্পু  সিং(২৪), মহিদুল ইছলাম(২০) আৰু নুৰ ইছলাম(৩০) বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে উক্ত অপৰাধী কেইজনৰ পৰা ৫ গ্ৰাম ব্ৰাউন ছুগাৰ, নগদ ৬১ হাজাৰ টকা, ৩ টা ম’বাইল ফোন আৰু এটা গুৰুত্বপূৰ্ণ তথ্য সমৃদ্ধ বহী জব্দ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা লোককেইজনক সোধা-পোছা অব্যাহত ৰখা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।