NORTHEAST NOW (Assamese)

গুৱাহাটীবাসীৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহে লাভ কৰিবলৈ গৈ আছে পাইপ গেছৰ সুবিধা

August 4, 2018 11:01 pm · এন ই নাও নিউজ

গুৱাহাটীকে ধৰি উত্তৰ-পূবৰ আন ৰাজ্যৰ ৰাজধানীসমূহ অহা ৩ বছৰৰ ভিতৰত নেশ্যনেল গেছ গ্ৰীডৰ গেছ পাইপলাইন প্ৰকল্পৰে সংযোগ হৈ উঠাৰ সম্ভাৱনা আছে।

আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাই কয় যে অহা ৩ বছৰৰ ভিতৰত বাৰাউনিৰ পৰা অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যসমূসক সংযোগ কৰিবলগীয়া অভিলাষি গেছ পাইপলাইন প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব লাগে।

তেওঁ জনাই যে গুৱাহাটী হৈ গেছ পাইপলাইনেৰে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰিবৰ অইল, নুমলীগড় ৰিফাইনেৰি (এন আৰ এল), ভাৰতীয় তেল নিগম আৰু গেইলক লৈ যৌথ গোট নেশ্যনেল গেছ গ্ৰীড গঠন কৰা হৈছে।

‘বাৰাউনিৰ পৰা গুৱাহাটীলৈ প্ৰায় ৪,৫০০ কোটি টকা ব্যয়েৰে ৭০০ কি মি দৈৰ্ঘ্যৰ গেছ পাইলাইন স্থাপন কৰাৰ বিপৰীতে প্ৰায় ৬,০০০ কোটি টকা ব্যয়েৰে ১,৫০০ কি মি দৈৰ্ঘৰ উত্তৰ-পূব গেছ পাইপলাইন স্থাপন কৰা হ’ব।‘ তেওঁ কয়।

মুখ্য পৰিচালন সঞ্চালক গৰাকীয়ে লগতে জনাই যে গুৱাহাটী মহানগৰীৰ প্ৰায় প্ৰতি ঘৰ মানুহলৈ পাইপ গেছ সংযোগ কৰিব। পাইপ গেছ সংযোগৰ উপৰি অইলে গুৱাহাটী মহানগৰীত প্ৰদুৰ্ষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে চি এন জি ষ্টেশ্যন স্থাপনৰো পৰিকল্পনা কৰিছে বুলি তেওঁ উল্লেখ কৰে।

Related News