গুৱাহাটীৰ এ এছ টি চিৰ চিটি বাছসমূহত লগোৱা হ’ব এল চি ডি স্ক্ৰীণ

G-570x320

অসম ৰাজ্যিক পৰিবহন বিভাগৰ (এএছটিচি) চিটি বাছসমূহৰ ভিতৰত নতুন এল চি ডি স্ক্ৰীণ লগাই নতুন আকৰ্ষণ অনাৰ চেষ্টা কৰা হৈছে।

প্ৰায় ১,০০০ বাছত এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। এই এল চি ডি স্ক্ৰীণসমূহত বিনোদনৰ লগতে জ্ঞান ভিত্তিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰৰ অধীনৰ এক প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহন নিগমে এএছটিচিৰ বাছসমূহ পৰিচালনা কৰে। তেওঁলোকে গুৱাহাটী মহানগৰৰ ভিতৰত বাছসেৱা প্ৰদান কৰাৰ লগতে আন ৰাজ্যলৈও বাছসেৱা চলাই আহিছে।

এএছটিচিৰ অধীনত চলি থকা বাছসমূহৰ পঞ্জীয়ন ক’ড হৈছে এএছ-২০।

গুৱাহাটীৰ এএছটিচি চিটিবাছ সেৱাৰ দ্বিতীয় খণ্ডৰ (জেএনএনইউআৰএম)ৰ অধীনত ২৩ খন বাতানুকুল আৰু ৫০ খন সাধাৰণ বাছ চলি আছে।

এই চিটি বাছসমূহ জালুকবাৰী-নুনমাটি, পল্টনবজাৰ হৈ জালুকবাৰী-বেলতলা, আইএছবিটি-মিৰ্জা আৰু আইএছবিটি-জাগীৰোড পথত চলি আছে।

বিগত সময়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসেৱাৰ প্ৰতি মহানগৰীৰ যাত্ৰীসকলৰ আস্থা প্ৰায় নোহোৱা হৈ গৈছিল। ব্যক্তিগত বাছসেৱাৰ সৈতে ফেৰ মাৰিব পৰাকৈ এএছটিচিৰ বৃহৎ আন্ত:গাঁথনি থকাৰ পিছতো নিগমে সদায় লোকচানৰ খতিয়ান দি অহাটো পৰিতাপৰ কথা।

শেহতীয়াভাৱে পৰিবহন নিগমে ইয়াৰ বাছসেৱা উন্নত কৰি তোলাৰ কেইবাটাও আঁচনি গ্ৰহণ কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত নিগমৰ বাছসেৱাৰ প্ৰতি যাত্ৰীৰ আস্থা ঘুৰাই অনাৰ ক্ষেত্ৰত অধিক কৰণীয় আছে বুলি প্ৰকাশ কৰিছে সচেতন মহলে।