NORTHEAST NOW (Assamese)

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ হ’ল ঋষভ হিম্মৎসিংকাৰ নতুন ঠিকনা

July 8, 2018 11:26 pm · এন ই নাও নিউজ
দিচপুৰ আৰক্ষী থানাত মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকা।

প্ৰতিষ্ঠানৰ কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক আজি দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্তজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

দিচপুৰ আৰক্ষীয়ে জনোৱামতে হিম্মৎসিংকাক তেওঁৰ বিৰুদ্ধে থানাখনত ৰুজু হোৱা দুটা গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে এটা ঘটনাৰ পিছদিনা, অৰ্থাৎ ৫ জুলাইত অৰ্কিড ইণ্ডিয়াই (No 1864/18) দিয়া আৰু আনহাটো গোচৰ (No 1894/18) ভুক্তভোগী কমল দাসে ৭ জুলাইত দিয়া।

জানিব পৰামতে অভিযুক্ত হিম্মৎসিংকাই শ্বিলঙৰ পৰা আহি থকাৰ পথত গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ দিচাং নামৰ ৰিজ’ৰ্টখনত প্ৰৱেশ কৰিছিল। এই কথা গম পায় আৰক্ষী তৎপৰতাৰে হিম্মৎসিংকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সোণাপুৰস্থিত দিচাং নামৰ উক্ত ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী হ’ল দিলীপ গগৈ।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নিন্দনীয় ঘটনাটোৰ মূল অভিযুক্ত হিম্মৎসিংকাক ধৰিব নোৱৰা বাবে আৰক্ষীক সমালোচনা কৰিছিল বিভিন্ন সংবাদ মাধ্যমে।

আনহাতে ৰিজ’ৰ্টখনৰ কৰ্তৃপক্ষই হিম্মৎসিংকাক আশ্ৰয় দিয়াৰ কথাটো অস্বীকাৰ কৰিছে। ৰিজ’ৰ্টখনৰ এজন কৰ্মচাৰীয়ে নৰ্থ-ইষ্ট নাওক হিম্মৎসিংকা তেওঁলোকৰ তাত কফি খাবৰ বাবেহে প্ৰৱেশ কৰিছিল বুলি জানিবলৈ দিয়ে। কৰ্মচাৰীজনে কয় যে হিম্মৎসিংকাই ক’ৰ পৰা আহি তেওঁলোকৰ তাত সোমাইছিল তেওঁলোকে নাজানে।

উল্লেখযোগ্য যে গণেশগুৰিস্থিত মুকেশ হুণ্ডাইত কৰ্মৰত এজন কৰ্মচাৰীক স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই সামান্য দোষতে কাণত ধৰাই আঁঠু কঢ়াই থৈছিল। ইয়াৰ ভিডিঅ’ আৰু আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কথাটো সকলোৰে মাজত প্ৰচাৰ হৈ যায় আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনাটো ৰাজহুৱা হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈছিল দিচপুৰ থানাত।

Related News