গুৱাহাটীৰ ফটাশিল-আমবাৰীত আৰক্ষীৰ জালত দুই গভাইত স্কুটী চোৰ

Scooty thieves nabbed

বৃহস্পতিবাৰে পুৱা ফতাশিল আমবাৰী আৰক্ষীয়ে এক অভিযান চলাই দঁতালপাৰা নতুন বস্তিৰ পৰা দুগৰাকী গভাইত স্কুটী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰ দুগৰাকীক শান্তনু শইকীয়া(১৯) আৰু পবিত্ৰ দাস(১৮) বুলি চিনাক্ত কৰা হৈছে। আজি পুৱা ৬:৩০ বজাত আৰক্ষীয়ে তেওঁলোকক ভাৰাঘৰৰ পৰা দুখন স্কুটীসহ গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আটকাধীন শান্তনুৰ ঘৰ যোৰহাটৰ নাচনিয়াল চ’কত হোৱাৰ বিপৰীতে পবিত্ৰৰ ঘৰ কাহিলীপাৰাৰ বিৰুবাৰী আউটপ’ষ্টৰ সমীপত বুলি ফতাশিল আমবাৰী আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে, যোৱা এমাহৰ পৰা শান্তনুৱে দঁতালপাৰাৰ উক্ত ঘৰটোত ভাৰাতীয়া হিচাপে আছিল। যোৱা কেইদিনমান ধৰি শান্তনুৱে ঘৰটোলৈ নানা ধৰণৰ বাইক স্কুটী লৈ অনা দেখি স্থানীয় ৰাইজৰ সন্দেহ ওপজাত তেওঁলোকে কালি ফটাশিল আৰক্ষীক খবৰ দিয়ে।

ৰাইজৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে আজি পুৱাই অভিযান চলাই শান্তনু আৰু তেওঁৰ সহযোগী পবিত্ৰক আটক কৰে। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ২৬৬/১৮ নং এক গোচৰ ৰুজু কৰি চোৰ দুগৰাকীক জেৰা অৱ্যাহত ৰাখিছে।

লোক দুজনৰ কবলৰ পৰা উদ্ধাৰ হোৱা স্কুটী দুখনৰ নম্বৰ ক্ৰমে এ এছ ০১ বি পি ৮৪৯৪ আৰু এ এছ  ২৫ এফ  ৯৯০৫ বুলি জানিব পৰা গৈছে।