গুৱাহাটীৰ ভঙাগড় আৰক্ষীয়ে যোৱা ২৬ তাৰিখে এজন যুৱকৰ পৰা প্ৰায় ১৬.৪ লাখ টকা জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত ২৩ বছৰীয়া এজন যুৱক ৰাহুল কলিতাক গ্ৰেপ্তাৰ কৰে।
অভিযুক্তৰ ঘৰ কামৰূপ (গ্ৰাম্য) জিলাৰ হাজোত আৰু কিছুদিনৰ বাবে তেওঁ গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত এটা ভাড়াঘৰত আছিল।
মহানগৰীৰ ভিআইপি পথৰ ৰহমান হাস্পাতলৰ সন্মুখত অৱস্থিত স্মাৰ্ট ভ্যেলু প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছ নামৰ কোম্পানী এটাৰ একাউন্টটেন্ট আছিল ৰাহুল কলিতা। উত্তৰ-পূৰ্বাঞ্চল ভিত্তিক কোম্পানীটোৰ মেনেজাৰ আছিল পাৰ্থ প্ৰতীম বৰা।
ভঙাগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন মেধিয়ে কয়, ‘’ৰাহুলে যোৱা ২৫ জুনত জাগীৰোড আৰক্ষী থানাত এখন অভিযোগ দাখিল কৰিছিল যে তেওঁক গুৱাহাটীৰ জি এছ ৰোডৰ পৰা দুজন যুৱকে চোকা অস্ত্ৰৰে ভয় দেখুৱাই অপহৰণ কৰিছিল। ৰাহুলৰ মতে তেওঁ কাম কৰা কোম্পানীটোৰ বেংকৰ কাম গৈ আছিল।‘’
‘’ইয়াৰ পিছত যেতিয়া জাগীৰোড আৰক্ষীয়ে গম পালে যে ঘটনাটো ভঙাগড় আৰক্ষী থানাৰ অধীনত পৰে, তেতিয়া জাগীৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিযুক্তৰ লগতে গোচৰটো যোৱা ২৬ জুনত আমালৈ হস্তান্তৰ কৰে,’’-বিপিন মেধিয়ে কয়।
মেধিয়ে লগতে কয় যে ৰাহুলৰ অপহৰণৰ কাহিনীটো ভুৱা। তেওঁ কয়, ‘’ জেৰাৰ সময়ত ৰাহুলে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে কোনোৱে তেওঁক অপহৰণ কৰা নাছিল। তেওঁৰ দেউতাকে কোনো বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিবলৈ ধনখিনি আত্মস্যাৎ কৰিছিল।‘’
ভঙাগড় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৯২ ধাৰাৰ অধীনত (১০৬/১৮ নম্বৰত) এটা গোচৰ ৰুজু কৰা হৈছে।
ইয়াৰ পিছত তেওঁক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিছত ২৭ জুনত কাৰাগাৰালৈ প্ৰেৰণ কৰে।