• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 1:37 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি উচ্চতম ন্যায়ালয়ত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী সন্দৰ্ভত কেইবাটাও গোচৰ চলি আছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পূৰ্বে আশংকা কৰিছিল যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত উপত্যকাটোক পূৰ্ণাংগ ৰাজ্য পুনৰুদ্ধাৰৰ দাবীত বাধা হৈ পৰিব পাৰে। এই কথা যেন এতিয়া সত্যলৈ ৰূপান্তৰিত হৈছে। কিছুদিন আগলৈকে কাশ্মীৰৰ হেৰাই যোৱা মৰ্যাদা পুনৰ ঘূৰাই আনিবলৈ কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি থকা উচ্চতম ন্যায়ালয়ে এতিয়া সুৰ কোমল কৰি প্ৰকৃত পৰিস্থিতি অস্বীকাৰ কৰাৰ কোনো উপায় নাই বুলি মত প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ সংমণ্ডল বিচাৰপীঠে স্বীকাৰ কৰে যে পহলগাম আক্ৰমণৰ কাৰণে কাশ্মীৰৰ জনসাধাৰণৰ ‘ন্যায্য’দাবী পিছুৱাই গৈছে। পূৰ্ণৰাজ্য পুনৰুদ্ধাৰৰ যুঁজখনে বিপৰ্যয়ৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে প্ৰকৃত পৰিস্থিতিক অস্বীকাৰ কৰাৰ কোনো উপায় নাই। উপত্যকাৰ সম্পূৰ্ণ ৰাজ্য কেতিয়া পুনৰ ঘূৰাই আনিব পৰা যাব সেই সন্দৰ্ভত ৮ সপ্তাহৰ ভিতৰত কেন্দ্ৰৰ পৰা শপতনামা বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

Apply Now

২০১৯ চনৰ ৫ আগষ্টত কাশ্মীৰৰ বিশেষ মৰ্যাদা হ্ৰাস কৰাৰ সমান্তৰালকৈ উপত্যকাৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কাঢ়ি লোৱা হয়। জম্মু-কাশ্মীৰ আৰু লাডাখক একত্ৰিত কৰি দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়। ৩৭০ নং অনুচ্ছেদক লৈ যেনেকৈ কাশ্মীৰৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে, সেইদৰে পূৰ্ণৰাজ্য হেৰুৱাৰ বাবেও ক্ষুব্ধ হৈ পৰিছে। বিজেপিয়েও এই ক্ষোভ দমন কৰিবলৈ চেষ্টা কৰিছে। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খোদ উপত্যকালৈ গৈ কাশ্মীৰৰ সম্পূৰ্ণ ৰাজ্য পুনৰুদ্ধাৰ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি উচ্চতম ন্যায়ালয়ত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবীত বহু গোচৰ চলি আছে। উচ্চতম ন্যায়ালয়েও এই সন্দৰ্ভত কেন্দ্ৰৰ বাবে ২০২৩ বৰ্ষৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। আাৰু উপত্যকাটোৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কেতিয়ালৈ ঘূৰাই আনিব পৰা যাব তাৰ সময়সীমা প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd