NORTHEAST NOW (Assamese)

গুৱাহাটীৰ সমান্তৰালভাৱে হাফলঙতো ৫০খন বিছনাযুক্ত ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা

June 18, 2018 10:27 pm · পংকজ কুমাৰ দেব
হাফলঙত ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ দৃশ্য।

ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ১৯খন কৰ্কট প্ৰতিষ্ঠানৰ আজি কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আধাৰশিলা স্থাপনৰ সমান্তৰালভাৱে হাফলঙতো ইয়াত স্থাপন হ’ব লগীয়া ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা তথা ভূমিপূজন আনুষ্ঠানিকভাৱে কৰা হয়। হাফলং অসামৰিক চিকিৎসালয় চৌহদত স্থাপিত এই ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰটো ৫০খন বিছনাযুক্ত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজি গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাৰ উপস্থিতিত ৰাজ্যত নতুনকৈ স্থাপন হ’ব লগীয়া ১৯খন কেন্সাৰ চিকিৎসালয়ৰ আধাৰশিলা খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্থাপন কৰা হয়।

এই চিকিৎসালয়কেইখন অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টে যুটীয়াভাৱে গঠন কৰা আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেইশ্যনৰ অধীনত স্থাপন কৰিবলৈ লোৱা হৈছে।

হাফলঙত আধাৰশিলা আৰু ভূমিপূজন অনুষ্ঠানটোত স্থানীয় বিধায়ক বি বি হাগজেৰ, উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাছা উপাধ্যক্ষ আজি এইচ্ছ বি ছেত্ৰী, কাৰ্য্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপু, কাৰ্য্যবাহী সদস্য ইহুইন পানমে, উপায়ুক্ত অমিতাভ ৰাজখোৱা, উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ সচিব টি টি দাউলাগুপু, উপ সচিব এম জে থাওচেন আৰু অন্যান্য বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

আনহাতে হাফলঙৰ অনুষ্ঠানটোত গুৱাহাটীৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ দৃশ্যাংশ দৃশ্য-শ্ৰব্য ৰূপত দেখুওৱা হয়।

Related News