গুৱাহাটীৰ সাউকুছিত মদৰ নিচাত বন্ধু, সতীৰ্থক শিলেৰে খুন্দিয়াই হত্যা

murdered

প্ৰতিনিধিত্বমূলক ফটো।

মদৰ নিচাত সামান্য তৰ্কৰ পিছতে সতীৰ্থ তথা বন্ধুৱেকক হত্যা কৰাৰ ঘটনা এটা পোহৰলৈ আহিছে। জানিব পৰামতে, গুৱাহাটীৰ সাউকুছিত ৫ জুনৰ কাহিলি পুৱা এই ঘটনাটো সংঘটিত হৈছে।

মদৰ নিচাত মাতাল হৈ কংকণ বড়ো নামৰ ছিকিউৰিটি গাৰ্ডজনে নিজৰ সতীৰ্থ দুৰ্যোধন দাসক (৩০) এটা শিলেৰে মূৰত আঘাত কৰি হত্যা কৰে। ঘটনাটোৰ স্থান হৈছে সাউকুছিৰ ৰেনল্টৰ গাড়ী ৰখা এটা পাৰ্কিং আস্থান।

কংকণ বড়োৱে দিয়া স্বীকাৰোক্তিমতে, দুয়ো বন্ধুৱে একেলগে নিশা সুৰাপান কৰিছিল আৰু পিছত কিবা কথাক লৈ দুয়োৰে মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। পৰৱৰ্তী পৰ্যায়ত সি মাৰপিটৰ ৰূপ লয়। তেনে পৰিস্থিতিত মদৰ নিচাত থকা কংকণ বড়োৱে শিলৰ টুকুৰা এটা লৈ দুৰ্যোধন দাসৰ মূৰত আঘাত কৰি তেওঁক হত্যা কৰে।

আনহাতে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে কংকণ বড়োৱে হাতত শিলৰ টুকুৰাটো লৈ বশিষ্ঠ থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে লগে লগে কংকণ বড়োত গ্ৰেপ্তাৰ কৰি ঘটনাস্থলীত উপস্থিত হৈ দুৰ্যোধন দাসৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত দুৰ্যোধন দাসৰ ঘৰ বাক্সা জিলাৰ গোৰেশ্বৰত বুলি জনা গৈছে।