গুৱাহাটীৰ স্পাত কৰ্মৰত থাই যুৱতীক ৭ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ অসম আৰক্ষীৰ জাননী

ThaiSpa

বিলাসী জীৱন যাপনৰ অংগ হৈ পৰা স্পাবিলাকৰ কামকাজৰ ওপৰত যোৱা কিছু দিন ধৰি শেনচকু ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ৭ জুনত পল্টনবজাৰৰ ইনফিনিটি নামৰ স্পাখনত চলি থকা দেহ ব্যৱসায় উৎখাত কৰাৰ পিছত আজি অসম আৰক্ষীয়ে মহানগৰীৰ ৭খন স্পালৈ জাননী জাৰি কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱামতে, এই স্পাবিলাকত উপযুক্ত নথি-পত্ৰ অবিহনে বহু সংখ্যক থাই যুৱতীয়ে কাম কৰি আছে বুলি আৰক্ষীৰ অনুসন্ধানত ধৰা পৰিছে। আৰক্ষীয়ে ৭ দিনৰ ভিতৰত এই থাই যুৱতীসকলক ভাৰত ত্যাগ কৰিবলৈ জাননী দিছে।

আৰক্ষীয়ে মাজে মাজে চলোৱা অভিযানৰ পৰা এইসকল যুৱতীয়ে উপযুক্ত নথিপত্ৰ নথকাকৈ কাম কৰি থকা বুলি জানিব পাৰিছে। “এওঁলোকে টুৰিষ্ট ভিছা লৈ কাম কৰি আছিল। বহুতৰ ৱৰ্কিং ভিছা আছে যদিও সেইবোৰৰ কিছুমানত নিয়মৰ উলংঘন হৈ আছে। আমি তেওঁলোকক ৭ দিনৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ দিছো।” এইদৰে কয় এজন আৰক্ষী বিষয়াই।

জাননী জাৰি কৰা ৭খন স্পা হ’ল ক্ৰমে, Sabaidee Spa & Saloon, Sunshine-7 Thai Spa, SB Thai Spa, The Thai Spa, Style on Hair & Spa Studio, MB Wellness Pvt. Ltd আৰু The Body Studio.