NORTHEAST NOW (Assamese)

গুৱাহাটীৰ হ’টেল পেলেচিঅ’ত ৰন্ধন প্ৰতিযোগিতা; ১ এপ্ৰিলৰ দিনৰ বাৰ বজালৈকে ফে’ছবুকযোগে নাম পঞ্জীয়ন

March 31, 2018 6:01 pm · এন ই নাও নিউজ

গুৱাহাটীৰ পেলেচিঅ’ই অহা ৮ এপ্ৰিলত আয়োজন কৰিছে এক ৰন্ধন প্ৰতিযোগিতা। আনহাতে ১ এপ্ৰিলত আয়োজন কৰিছে এক ৰন্ধন বিষয়ক কৰ্মশালা।

পেলেচিঅ’ হটেলৰ ফে’ছবুক পৃষ্ঠালৈ গৈ ইচ্ছুকসকলে এই প্ৰতিযোগিতা আৰু কৰ্মশালাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ১ এপ্ৰিলৰ দুপৰীয়া ১২ বজালৈকে পঞ্জীকৰণ ব্যৱস্থা খোলা থাকিব।

১ এপ্ৰিলৰ সন্ধিয়া ৪ৰ পৰা ৬ বজালৈ কৰ্মশালাখন অনুষ্ঠিত হোৱাৰ বিপৰীতে প্ৰতিযোগিতাখন হ’ব ৮ এপ্ৰিলৰ সন্ধিয়া ৪ৰ পৰা ৬ বজালৈ।

শেহতীয়াকৈ অনুষ্ঠিত গুৱাহাটী খাদ্য সন্মান (Guwahati Food Awards)ত খানাপাৰাৰ পেলেচিঅ’ হটেলে শ্ৰেষ্ঠ ‘fine-dining’ৰ সন্মান পাইছিল।

Related News