গুৱাহাটী: অনিল ৰাজাক মানহানিৰ গোচৰত জামিন

Anil-Raja-570x320

অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে তেওঁৰ বিৰুদ্ধে তৰা এটা মানহানিৰ গোচৰত শনিবাৰে বহিষ্কৃত কংগ্ৰেছ নেতা অনিল ৰাজাক কামৰূপ (মহানগৰ জিলা)ৰ মুখ্য ন্যায়িক দণ্ডাধীশে (চি জে এম) জামিন প্ৰদান কৰিছে।

পূৰ্বতে অনিল ৰাজা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক, স্বাস্থ্য বেয়া থকাৰ কাৰণত মানহানিৰ গোচৰটোৰ শুনানিত উপস্থিত হোৱাত বিফল হৈছিল।

ৰাজাই পূৰ্বতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল আৰু দাবী কৰিছিল যে হুছেইনে তেওঁৰ আয়ৰ সৈতে অসমানুপাতিক সম্পত্তি দখল কৰি ৰাখিছে।

অনিল ৰাজা শনিবাৰে বহুত সোনকালে আহি চি জে এম ক’ৰ্টত আহি উপস্থিত হয়হি।

ৰাজাই হুছেইনৰ শিক্ষাগত যোগ্যতাক লৈ প্ৰশ্নও কৰি দাবী কৰিছিল যে প্ৰাক্তন মন্ত্ৰীজনে তেওঁৰ স্নাতক হোৱা প্ৰমাণ কৰি জাল প্ৰমাণ পত্ৰ আয়ত্ত কৰিছে।

আদালতৰ বাহিৰত মিডিয়া ব্যক্তিসকলৰ সৈতে কথা পাতি হুছেইনে কয় ‘অনিল ৰাজাৰ অধিবক্তাই আদালতত যুক্তি দিবলৈ অক্ষম হৈছে কাৰণ ৰাজাৰ মোৰ বিৰুদ্ধে অনা অভিযোগৰ কোনো সাক্ষ্য নাই।’

হুছেইনে লগতে কয় যে ৰাজাই খুব সম্ভৱ অধিক সময় বিচাৰিব যিহেতু অভিযোগৰ সমৰ্থনত তেওঁৰ কোনো প্ৰমাণ নাই।

‘পূৰ্বতে বেয়া স্বাস্থ্যৰ উল্লেখ কৰি তেওঁ আদালতত উপস্থিত হোৱা নাছিল। কিন্তু আজি তেওঁৰ উপস্থিত থকাৰ বাহিৰে আন উপায় নাছিল কাৰণ তেওঁ জানিছিল যে আজি যদি তেওঁ অনুপস্থিত থাকে, তেওঁক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হ’ব,’ হুছেইনে ক’লে।

ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনা অভিযোগ মিছা বুলি প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থাকিব বুলি অনিল ৰাজাই দিয়া বিবৃতি সম্পৰ্কে কথা কৈ হুছেইনে কয় ‘ৰাজহুৱা জীৱন বেলেগ মানুহৰ বাবে বেলেগ হ’ব পাৰে। কাৰোবাৰ কাৰণে এইটো ৪২০ হ’ব পাৰে।’

যদিও অনিল ৰাজাই প্ৰথমতে মিডিয়াৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰিছিল, পিছলৈ তেওঁ কয় ‘এইটো এটা বিচাৰাধীন বিষয়। মই মিডিয়াৰ সৈতে কথা পাতিব নোৱাৰো।’

ৰাজাই, অভিযোগ প্ৰমাণৰ বাবে সময় বিচৰা বুলি ৰকিবুলে কৰা মন্তব্যত খঙাল হৈ, ক’লে ‘মই একো সময় বিচৰা নাই। আনকি সেয়া প্ৰয়োজনো নাই। তেওঁৰ আয়ৰ সৈতে ৰজিতা নখোৱা সম্পত্তিৰ প্ৰমাণ দিবলৈ ৰকিবুল হুছেইনে আদালতৰ পৰা সময় বিচাৰিছে।’