গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অসমীয়া ভাষাক উৎসাহিত নকৰে : পৰমানন্দ ৰাজবংশী

GU

শেহতীয়াভাৱে লোকপিয়লৰ ভাষিক সংখ্যাৰ তথ্যত অসমত অসমীয়া, বড়ো, ৰাভা আৰু চাওঁতালভাষী মানুহৰ সংখ্যা হ্ৰাস পোৱাৰ তথ্য প্ৰকাশিত হোৱাৰ পাছতেই অসমৰ খিলঞ্জীয়া লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই অসমীয়া ভাষাৰ অস্তিত্বক লৈ এইবাৰ শংকা ব্যক্ত কৰে স্বয়ং অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

আজি ২৩ জুলাইত গুৱাহাটীৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি সভাপতি ড০ ৰাজবংশীয়ে কয়, “এয়া ২০১১ চনৰহে তথ্য আছিল, কিন্তু ইয়াৰ যথোচিত ব্যবস্থা গ্ৰহণ কৰিব নোৱাৰিলে ২০২১ চনলৈ অসমত অসমীয়াভাষীৰ সংখ্যা এতিয়াৰ প্ৰায় ৪৮ শতাংশৰ পৰা গৈ ২৫ শতাংশ মানহে হ’বগৈ।”

ৰাজবংশীয়ে এই ক্ষেত্ৰত অসম চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে লৈ সময় উপযোগী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।

ইপিনে এই সংবাদমেলতে অসমীয়া ভাষাৰ বেয়া দিনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ক দোষাৰোপ কৰে ৰাজবংশীয়ে।

‘গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অসমীয়া মাধ্যমক পাকে-প্ৰকাৰে আঁতৰাই দিছে। দুয়োখন বিশ্ববিদ্যালয়ে গুৰু বিষয়সমূহৰ পাঠ্যপুথি অসমীয়া ভাষাত প্ৰকাশ নকৰি ছাত্ৰ-ছাত্ৰীয়ে পৰোক্ষভাৱে সেইসমূহৰ শিক্ষা অসমীয়া ভাষাত গ্ৰহণৰ পৰা আঁতৰাই নিছে। তাৰ ফলত অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি যোৱা ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয়।” ড০ পৰমানন্দ ৰাজবংশীয়ে কয়।

তেওঁ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অসমীয়া ভাষাত বিভিন্ন বিভাগৰ পাঠ্যপুথি প্ৰকাশৰ লগতে অসমীয়া ভাষাৰ যথাযথ ব্যৱহাৰৰ দাবী জনায়। ইয়াৰ বাবে ৰাজবংশীয়ে দুমাহৰ সময়সীমা ধাৰ্য কৰি দিয়ে।

ইয়াৰ উপৰি অসমৰ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়সমূহকো অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়টো নিশ্চিত কৰাৰ দাবী জনায় অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে। লগতে সাহিত্য সভাই এই বিশ্ববিদ্যালয়সমূহে অসমীয়া ভাষাৰ প্ৰয়োগ কিমান কৰিছে তাৰো খতিয়ান বিচাৰিব বুলি জানিবলৈ দিয়ে।